অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

বুধবাৰৰ পৰা গুৱাহাটীৰ সকলো বিদ্যালয় খোলাৰ নিৰ্দেশ - Guwahati Schools Opening Notice

Guwahati schools open from tomorrow : গ্ৰীষ্মপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে সৰ্বশিক্ষা অভিযানৰ কামৰূপ মহানগৰ জিলা মিছনে গুৱাহাটী মহানগৰীৰ অন্তৰ্গত সকলো বিদ্যালয় ২৪ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধৰ নিৰ্দেশনা জাৰি কৰিছিল । কিন্তু সোমবাৰে সন্ধিয়া হোৱা ধুমুহা-বৰষুণৰ ফলত মহানগৰীৰ তাপমাত্ৰা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত এই বন্ধৰ নিৰ্দেশনা বাতিল কৰে মহানগৰ প্ৰশাসনে ।

Guwahati Schools Open From Tomorrow
বুধবাৰৰ পৰা বিদ্যালয় খোলাৰ নিৰ্দেশ গুৱাহাটী মহানগৰ প্ৰশাসনৰ (ETV Bharat Assam)

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা সামান্য হ্ৰাস পোৱাৰ বাবে সোমবাৰে জাৰি কৰা চাৰিদিনৰ বাবে বিদ্যালয় বন্ধৰ নিৰ্দেশনা বাতিল কৰা হৈছে । মঙলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বুধবাৰৰ পৰা মহানগৰ জিলা এলেকাত থকা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় খোলাৰ নিৰ্দেশ জাৰি কৰিছে ।

নতুন নিৰ্দেশনা অনুসৰি ২১ ছেপ্টেম্বৰত জাৰি কৰা নিৰ্দেশমতেই বুধবাৰৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ বিদ্যালয়ত পাঠদানৰ নিৰ্দেশ দিয়া হৈছে । উল্লেখ্য যে অত্যধিক গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ চৰকাৰী, বেচৰকাৰী সকলো বিদ্যালয় ২৪ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰিছিল সৰ্বশিক্ষা অভিযানৰ জিলা মিছন সমন্বয়কে ।

বিদ্যালয় খোলাৰ জাননী (ETV Bharat Assam)

জিলা আয়ুক্তৰ অনুমোদনৰ ভিত্তিত বিদ্যালয় বন্ধৰ এই নিৰ্দেশ জাৰি কৰা হৈছিল । উল্লেখ্য যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা বতৰৰ পূৰ্বানুমান অনুসৰি, গুৱাহাটী মহানগৰীত বুধবাৰৰ পৰা সৰ্বোচ্চ তাপমাত্ৰা হ্ৰাস হ'ব । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, মঙলবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে । আনহাতে, বুধবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩২ ডিগ্ৰী চেলচিয়াছ আৰু অহা ৩০ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩০ ডিগ্ৰী চেলচিয়াছ থাকিব ।

উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ অধীনস্থ বিভিন্ন বিদ্যালয় প্ৰতিষ্ঠানসমূহৰ মুৰব্বীৰ পৰা অত্যধিক গৰম আৰু ডিহাইড্ৰেচনৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অসুস্থতা আৰু মূৰ্ছা যোৱাৰ বিভিন্ন ঘটনা সন্দৰ্ভত লাভ কৰা প্ৰতিবেদনৰ ভিত্তিত সোমবাৰে চাৰিদিনৰ বাবে বিদ্যালয় বন্ধৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ আনহাতে, ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছিল ।

জাননী অনুসৰি, গ্ৰীষ্মপ্ৰবাহৰ বাবে পুৱা ৭.৩০ বজাৰ পৰা পাঠদান আৰম্ভ কৰি ১২.৩০ বজালৈকে অৰ্থাৎ ১২.৩০ বজাৰ ভিতৰত বিদ্যালয়ৰ পাঠদান সমাপ্ত কৰাৰ নিৰ্দেশ দিয়া হৈছিল ৷ ইয়াৰ পিছতে সোমবাৰে এক নিৰ্দেশনাৰ জৰিয়তে ৪ দিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয় ৷

লগতে পঢ়ক :মঙলবাৰৰ পৰা ৪ দিনৰ বাবে গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা - Assam Heat Wave
লগতে পঢ়ক :যোৰহাটত গ্ৰীষ্মপ্ৰবাহত দুজন লোকৰ কৰুণ মৃত্যু - Heatstroke in Jorhat

ABOUT THE AUTHOR

...view details