অসম

assam

ETV Bharat / state

মেলেৰিয়া বিষয়াৰ ১৪টা পদৰ বাছনি প্রক্রিয়াক খাৰিজ; আদালতত এ পি এছ চিৰ আন কেলেংকাৰী উন্মোচন - Gauhati High Court - GAUHATI HIGH COURT

District malaria officer: দুৰ্নীতিৰ অভিযোগত এ পি এছ চিৰ ১৪ খন জিলাৰ মেলেৰিয়া বিষয়াৰ বাছনি বাতিল কৰি নতুনকৈ বাছনি প্ৰক্ৰিয়াৰ নিৰ্দেশ দিয়া হৈছে ।

District malaria officer
গুৱাহাটী উচ্চ ন্যায়ালয় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 9:25 AM IST

গুৱাহাটী, ৫ অক্টোবৰ: গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগক প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলত অৰ্থাৎ ২০১৫ চনৰ জিলা মেলেৰিয়া বিষয়াৰ ১৪টা পদৰ সমগ্ৰ বাছনি প্রক্রিয়াক ‘অবৈধ' আখ্যা দি খাৰিজ কৰিছে আৰু নতুনকৈ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ এ পি এছ চিক নিৰ্দেশ দিছে ।

শ্বেহনাজ বেগম নামৰ এগৰাকী প্ৰাৰ্থীয়ে তৰা এখন লেখ আবেদনৰ ৰায়দান কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ উন্নীকৃষ্ণণ নায়াৰৰ খণ্ড বিচাৰপীঠে বৃহস্পতিবাৰে এই নির্দেশ দিয়ে । বাছনি কৰা হৈছিল যদিও আদালতৰ বাধাৰ পৰিপ্ৰেক্ষিতত এই পদসমূহত নিযুক্তি দিয়া হোৱা নাছিল ।

মেলেৰিয়া বিষয়াৰ ১৪টা পদৰ বাছনি প্রক্রিয়াক খাৰিজ (ETV Bharat Assam)

উল্লেখ্য যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনত খালী হোৱা জিলা মেলেৰিয়া বিষয়াৰ ১৪টা পদৰ বাবে ২০১২ চনৰ ১৫ ডিচেম্বৰত অসম লোকসেৱা আয়োগে প্ৰকাশ কৰা বিজ্ঞাপনৰ আধাৰত ২০১৫ চনৰ ২৬ এপ্ৰিলত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল । ২০ আগষ্টত প্ৰকাশ কৰা ফলাফল অনুসৰি ৫৯গৰাকী প্ৰাৰ্থীক মৌখিক পৰীক্ষাৰ বাবে বাছনি কৰা হৈছিল আৰু ১৮ ছেপ্টেম্বৰত পতা মৌখিক সাক্ষাৎকাৰৰ পাছত ২০১৬ চনৰ ১৭ আগষ্টত ১৪জন মেলেৰিয়া বিষয়া পদৰ প্ৰাৰ্থীৰ চূড়ান্ত বাছনি তালিকা প্রকাশ কৰা হয় ।

মেলেৰিয়া বিষয়াৰ ১৪টা পদৰ বাছনি প্রক্রিয়াক খাৰিজ (ETV Bharat Assam)

গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা শ্বেহনাজ বেগমে এ পি এছ চিয়ে লিখিত পৰীক্ষাৰ নম্বৰক গুৰুত্ব নিদি কেৱল মৌখিক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত বাছনি তালিকা প্রস্তুত কৰা বুলি অভিযোগ কৰিছিল । আদালতত পোহৰলৈ অহা তথ্য অনুসৰি মৌখিক পৰীক্ষাত অৱতীৰ্ণ ৫৬গৰাকী প্ৰাৰ্থীৰ ২৫গৰাকীৰ নম্বৰ ১ৰপৰা ৭ পর্যন্ত হ্ৰাস কৰাৰ বিপৰীতে এগৰাকীৰ নম্বৰ বৃদ্ধি কৰা হৈছিল আৰু তাৰ ভিত্তিত বাছনি তালিকা প্রস্তুত কৰা হৈছিল ।

মেলেৰিয়া বিষয়াৰ ১৪টা পদৰ বাছনি প্রক্রিয়াক খাৰিজ (ETV Bharat Assam)

মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে দীঘলীয়া ৰায়টোত এই মন্তব্য কৰিছে যে মৌখিক সাক্ষাৎকাৰৰ ভিত্তিত বাছনি কৰাটো আইনবিৰুদ্ধ নহয় যদিও এ পি এছ চিয়ে জিলা মেলেৰিয়া বিষয়া পদৰ প্ৰাৰ্থীৰ বাছনিৰ বাবে অৱলম্বন কৰা পদ্ধতিক ‘মুক্ত আৰু নিকা' বুলি ক'ব নোৱাৰি । আদালতে এ পি এছ চিয়ে বাছনি কৰা প্ৰাৰ্থীসকলৰ মূল মূল্যায়ন শ্বীট আৰু টেবুলেচন শ্বীটত নম্বৰ বিভিন্ন স্থানত কাট-কুট কৰাৰ ঘটনা ধৰা পৰাৰ বিষয়েও আঙুলিয়ায় । ইয়াৰ পৰিপ্ৰেক্ষিতত আদালতে এ পি এছ চিক প্ৰাৰ্থীসকলৰ মূল নম্বৰ আৰু মৌখিক পৰীক্ষাৰ নম্বৰৰ ভিত্তিতে পুনৰ এই বাছনি প্রক্রিয়া চলাবলৈ অনুমতি দিয়াটোও সমীচীন নহয় বুলিও পর্যৱেক্ষণ আগবঢ়ায় আৰু কয়, "অনিয়মৰ মাত্ৰালৈ চাই প্রার্থীসকলক সাক্ষাৎকাৰত তেওঁলোকৰ মেধাৰ আধাৰত নম্বৰ দিয়া হৈছিল বুলি বিশ্বাস কৰিব নোৱাৰি ।" এই মন্তব্য কৰি আদালতে এ পি এছ চিয়ে প্ৰকাশ কৰা ২০১২ চনৰ ১৫ ডিচেম্বৰৰ বিজ্ঞাপনমৰ্মে ২০১৬ চনৰ ১৭ আগষ্টত প্ৰস্তুত কৰা বাছনি তালিকাৰ লগতে সম্পূর্ণ বাছনি প্রক্ৰিয়াটো খাৰিজ কৰে আৰু এ পি এছ চিক জিলা মেলেৰিয়া বিষয়াৰ খালী পদৰ বাবে শীঘ্ৰে নতুনকৈ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:ৰাজ্যত সকলো ধৰণৰ লটাৰী বন্ধ কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ - Lottery ban in Assam

ABOUT THE AUTHOR

...view details