গুৱাহাটী, ২৪ এপ্ৰিল: মুছলিম বিশেষ বিবাহ আৰু বিচ্ছেদ আইন নিষিদ্ধকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী । ২৪ জুনৰ ভিতৰত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা । বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে জাননী । মুছলিম বিশেষ বিবাহ বিচ্ছেদ আইন নিষিদ্ধ কৰিছিল ৰাজ্য চৰকাৰে ।
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰিছিল আইনখনৰ নিষিদ্ধকৰণৰ সিদ্ধান্ত । বাতিল কৰা হৈছিল কাজীসকলৰ অনুজ্ঞাপত্ৰ । ইয়াৰ বিৰুদ্ধে সদৌ অসম কাজি সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰিছিল এক লেখ আৱেদন । এই আৱেদনৰ শুনানী গ্ৰহণ কৰি উচ্চ ন্যায়লয়ে জাননী ৰাজ্য চৰকাৰলৈ । দুমাহৰ ভিতৰত এই সম্পৰ্কে ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা ।
উল্লেখ্য যে, ২৩ ফেব্ৰুৱাৰীত ৰাজ্যিক কেবিনেটে আসাম মুছলিম মেৰিজ এণ্ড ডাইভোৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫ খাৰিজ কৰা হৈছিল । কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই এক্টৰ যোগেদি মুছলিম বিবাহৰ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ নহ'ব । আসাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫ৰ নিয়ন্ত্ৰণ জিলা আয়ুক্ত আৰু জিলা পঞ্জীয়কে ল'ব ।