অসম

assam

ETV Bharat / state

সভাপতিৰ নিৰ্বাচনৰ পৰা আঁতৰিল ড৹ গোবিন্দ প্ৰসাদ শৰ্মাও - ASAM SAHITYA SABHA

‘‘অসম সাহিত্য সভাৰ সভাপতি হ’বলৈহে মই সন্মতি দিছিলো । নিৰ্বাচন খেলিবলৈ নহয় । নিৰ্বাচন খেলি মই সভাপতি হ'ব নোখোজো ।’’ ড৹ গোবিন্দ প্ৰসাদ শৰ্মা ।

ASAM SAHITYA SABHA
ড৹ গোবিন্দ প্ৰসাদ শৰ্মা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 9:08 AM IST

গুৱাহাটী: এটাৰ পিছত আনটোকৈ বিতৰ্কত সোমাই ‍অসম সাহিত্য সভাৰ এতিয়া নাজল-নাথল অৱস্থা । বিতৰ্ক যেন সহচৰ হৈ পৰিছে অসম সাহিত্য সভাৰ । বহুকেইগৰাকী মনীষী অসমীয়াৰ আশিষধন্য সাহিত্য সভা এতিয়া যেন অস্তিত্বৰ সংকটত । বিগত কিছুদিন ধৰি অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনকলৈ সৃষ্টি হৈছে বিতৰ্কৰ । এনে বিতৰ্কৰ পিছত শেহতীয়াকৈ সভাপতি পদৰ বাবে এখন নতুন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হয় যদিও এজনৰ পাছত আনজনে প্ৰত্যাহাৰ কৰিছে নিজৰ নাম ।

বিতৰ্কই লগ নেৰা অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ পৰা এইবাৰ নাম প্ৰত্যাহাৰ কৰিলে বিশিষ্ট সাহিত্যিক ড৹ গোবিন্দ প্ৰসাদ শৰ্মাই । যোৱানিশা সামাজিক মাধ্যমযোগে বিশিষ্ট সাহিত্যিক গোবিন্দ প্ৰসাদ শৰ্মাই নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ কথা সদৰী কৰে ।

ড৹ গোবিন্দ প্ৰসাদ শৰ্মা (ETV Bharat)

সামাজিক মাধ্যমযোগে বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়, ‘‘অসম সাহিত্য সভাৰ সভাপতি হ’বলৈহে মই সন্মতি দিছিলো । নিৰ্বাচন খেলিবলৈ নহয় । নিৰ্বাচন খেলি মই সভাপতি হ'ব নোখোজো । গতিকে পেনেলতো মই সোমাব নোখোজো । মই মোৰ নাম উঠাই ল’লো ।" বিশিষ্ট সাহিত্যিক গোবিন্দ প্ৰসাদ শৰ্মাই নাম প্ৰত্যাহাৰ কৰাৰ লগে লগে অসম সাহিত্য সভাৰ সভাপতিৰ পাঁচজনীয়া পেনেলত থাকিল মাত্ৰ দুগৰাকী । তেওঁলোক হৈছে বিশিষ্ট সাহিত্যিক ড৹ বসন্ত কুমাৰ গোস্বামী আৰু ড৹ উপেন ৰাভা হাকাচাম ।

লগতে পঢ়ক:সাহিত্যিকৰ মাজত জয়-পৰাজয় অশোভনীয়: অনুৰাধা শৰ্মা পূজাৰী

উল্লেখ্য যে সাহিত্যিক ড৹ গোবিন্দ প্ৰসাদ শৰ্মাই প্ৰথমতে সন্মতি দিছিল যদিও অৱশেষত নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে । ইতিমধ্যে পাঁচজনীয়া পেনেলৰ পৰা বিশিষ্ট ভাষাবিদ ভীমকান্ত বৰুৱা আৰু বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়েও নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ।

লক্ষণীয় বিষয় যে বহু বিতৰ্ক আৰু ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত অসম সাহিত্য সভাৰ সভাপতিৰ পাঁচজনীয়া পেনেল প্ৰস্তুত কৰা হৈছিল । সাহিত্য সভাৰ সভাপতি পেনেলত নাম সন্নিৱিষ্ট কৰা পাঁচগৰাকী বিশিষ্ট সাহিত্যকলৈ সাহিত্য সভাই সন্মতিৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু সেই পত্ৰৰ প্ৰত্যুত্তৰত ভীমকান্ত বৰুৱা আৰু বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ বাবে অনুৰোধ জনায় । ইফালে বিশিষ্ট সাহিত্যিক গোবিন্দ প্ৰসাদ শৰ্মাই প্ৰথমতে সন্মতি প্ৰকাশ কৰিছিল যদিও যোৱা নিশা নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে ।

অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়াটোলৈ যাব খোজা নাই বুলি সদৰী কৰি সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰে । লগতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতিৰ গুৰু দায়িত্ব গ্ৰহণ কৰাৰ ক্ষেত্ৰত বৰ্তমান অৱস্থাত ব্যক্তিগতভাৱে ভালেখিনি অসুবিধা আছে বুলিও সদৰী কৰে ।

লগতে পঢ়ক:সাহিত্য সভাৰ সভাপতি পদত নাথাকিলেও কাম কৰি যাব পাৰি: ডঃ ভীমকান্ত বৰুৱা

ইফালে অনুৰাধা শৰ্মা পূজাৰীৰ লগতে সভাপতিৰ পেনেলৰ তালিকাত নাম থকা ভাষাবিদ ভীমকান্ত বৰুৱায়ো ইতিমধ্যে লিখিতভাৱে সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকক অৱগত কৰিছে । সাহিত্য সভাৰ পাঁচজনীয়া পেলেলত নাম থকা ড৹ বসন্ত কুমাৰ গোস্বামী আৰু ড৹ উপেন ৰাভা হাকাচামে সন্মতি জনাই সাহিত্য সভালৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছে । গোবিন্দ প্ৰসাদ শৰ্মাই সন্মতি দিছিল যদিও প্ৰত্যাহাৰ কৰিছে । ইয়াৰ ফলত সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ এই প্ৰক্ৰিয়া দুইগৰাকী সাহিত্যিকৰ মাজতে সীমাবদ্ধ হৈ ৰ’ব ।

উল্লেখ্য যে অসম সাহিত্য সভাই মঙলবাৰে ঘোষণা কৰিছিল ২০২৫-২৭ বৰ্ষৰ সভাপতি পদৰ নতুন প্ৰার্থী তালিকা । অসম সাহিত্য সভাৰ উচ্চস্তৰীয় সমিতিৰ বৈঠকৰ অন্তত সভাপতি সূর্যকান্ত হাজৰিকাই ঘোষণা কৰিছিল পাঁচজনীয়া প্ৰার্থী তালিকা । অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত উচ্চস্তৰীয় সমিতিৰ বৈঠকত দীঘলীয়া আলোচনাৰ অন্তত প্ৰস্তুত কৰা হৈছিল সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ পাঁচজনীয়া প্ৰার্থী তালিকা । পাঁচজনীয়া প্ৰার্থী তালিকাত ৰখা হৈছিল বসন্ত কুমাৰ গোস্বামী, গোবিন্দ প্ৰসাদ শৰ্মা, উপেন ৰাভা হাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ভীমকান্ত বৰুৱাক ।

লগতে পঢ়ক:অসম সাহিত্য সভাৰ সভাপতি পেনেলৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ

লক্ষণীয় বিষয় যে পূৰ্বে প্ৰস্তুত কৰা সাহিত্য সভাৰ প্ৰাৰ্থী তালিকাত আছিল লীলাৱতী শ‍ইকীয়া বৰা, নাহেন্দ্ৰ পাদুন, হিতেশ ডেকা, অৰূপা পটংগীয়া কলিতা আৰু গিৰীশ সন্দিকৈৰ নাম । উচ্চতৰীয় সমিতিৰ সদস্য হৈয়ো নাহেন্দ্ৰ পাদুন আৰু গিৰীশ সন্দিকৈৰ নাম সভাপতিৰ পেনেলত অনা বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । পৰৱৰ্তী সময়ত উচ্চস্তৰীয় সমিতিৰ একাধিক সদস্যই উক্ত প্ৰার্থী তালিকাক লৈ আপত্তি দর্শাইছিল । ইয়াকে লৈ অসন্তুষ্ট হৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্ধাৰণ সমিতিৰ অন্যতম সদস্য দয়ানন্দ পাঠকে পদত্যাগ কৰে ।

তাৰ উপৰিও কেইবাখনো জিলা সাহিত্য সভাই বিতৰ্কিত পেনেলখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছিল । আনহাতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । তেনে পৰিৱেশৰ পাছত অৱশেষত দীঘলীয়া আলোচনাৰ অন্তত উচ্চস্তৰীয় সমিতিয়ে মঙলবাৰে সভাপতিৰ পাঁচজনীয়া নতুন পেনেল প্ৰকাশ কৰিছিল । কিন্তু সেই পেনেলৰ পৰা তিনিগৰাকীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাত পেনেলত থাকিল মাত্ৰ দুগৰাকী । তেনেস্থলত দুয়োগৰাকীৰ মাজৰ পৰাই নিৰ্বাচন কৰা হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি ।

লগতে পঢ়ক:অসম সাহিত্য সভাৰ সভাপতি পদৰ তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details