গুৱাহাটী, ২৬ জানুৱাৰী :সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে অসমতো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস । ৰাজ্য চৰকাৰে গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ অনুষ্ঠান আয়োজন কৰিছে । উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ।
অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কয় যে অসমত এতিয়া অশান্তিৰ পৰিৱেশ নাই । অসমত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে । দীৰ্ঘদিনীয়া আলফা সমস্যাৰ সমাধান হৈছে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলফাৰ লগত লোৱা শান্তি চুক্তিৰ জৰিয়তে । এয়া অসমবাসীৰ বাবে ঐতিহাসিক ঘটনা ।
ইপিনে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ডিমাচা সংগঠনৰ লগত হোৱা ডিমাচা চুক্তিয়ে অসমত ডিমাচাসকলৰ সমস্যাৰ স্থায়ী সমাধানত সহায় কৰিছে । তেওঁ কয় যে অসমৰ চুবুৰীয়া ৰাজ্যৰ লগত হোৱা সীমা সমস্যা সমাধানে নতুন বিকাশৰ ছবি নিৰ্মাণ কৰিছে । অৰুণাচল প্ৰদেশৰ লগত অসমৰ সীমা সমস্যা সমাধান হৈছে । মিজোৰামৰ লগত অসমৰ সীমা সমস্যাৰ আলোচনা ইতিবাচক দিশত আগবাঢ়ি আছে ।
তেওঁ কয়, ‘‘শান্তি প্ৰতিষ্ঠাৰ ফলত বিকাশ সম্ভৱ হয় । অসমতো এতিয়া শান্তি প্ৰতিষ্ঠাৰ দ্বাৰা বিকাশ আৰম্ভ হৈছে ।’ তেওঁ ভাষণত অসম চৰকাৰৰ উন্নয়নমূলক কামৰ বাখ্যা কৰি কয় যে অসমত আৰ্থিক, সামাজিক দিশত উন্নয়ন হৈছে । অসমত কেন্দ্ৰীয় চৰকাৰৰ ৩৫০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ কাম চলি আছে ।