অসম

assam

ETV Bharat / state

ফ্লেটৰ বাসিন্দাৰ বাবে আই আই টি গুৱাহাটীৰ বিশেষ কৌশল উদ্ভাৱন; কি এই কৌশল জানি লওক

IIT Guwahati Innovation: আপুনি বাস কৰা ঘৰটোত প্ৰয়োজন অনুপাতে আচবাব ৰাখিব পৰা নাই ? চিন্তা নকৰিব, সমাধান আনিছে আই আই টি গুৱাহাটীয়ে ।

By ETV Bharat Assamese Team

Published : 10 hours ago

IIT Guwahati Innovation
ফ্লেটৰ বাসিন্দাৰ বাবে আই আই টি গুৱাহাটীৰ বিশেষ কৌশল উদ্ভাৱন (ETV Bharat Assam)

গুৱাহাটী, ১৫ অক্টোবৰ :নগৰ, মহানগৰত নাইবা গ্ৰামাঞ্চলত মানুহৰ ঘৰবোৰৰ কোঠাবোৰ এতিয়া সংকুচিত হৈ আহিছে । কম ঠাইত আচবাব ৰখাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । যাৰ বাবে মানুহে এতিয়া বিশেষকৈ বিশেষকৈ গুৱাহাটীৰ ফ্লেটত বসবাস কৰা মানুহে অভিযোজ্য (adaptable) তথা বহুমুখী (versatile) আচবাবৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা গৈছে ।

যাৰ বাবে সৰু সৰু ঠাইতে অভিযোজ্য আচবাবৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ ডিজাইন বিভাগৰ অধ্যাপক সুপ্ৰদীপ দাসৰ নেতৃত্বত এটা গৱেষক দলে এক অনন্য, স্থান-সংৰক্ষণকাৰী আচবাবৰ ডিজাইন বিকাশ কৰিছে ।

আই আই টি গুৱাহাটীয়ে বিকাশ কৰা মডেল (ETV Bharat Assam)

নগৰীয়া ঘৰবোৰ সংকুচিত হোৱাৰ লগে লগে কম ঠাইত ব্যৱহাৰ কৰিব পৰা বহুমুখী আচবাবৰ চাহিদা বৃদ্ধি পাইছে । এই সন্দৰ্ভত অধ্যাপক দাসে তেওঁৰ প্ৰাক্তন শিক্ষাৰ্থী ৰিজাছ এম পিৰ সৈতে আঠটা ভিন্ন বিন্যাসলৈ ৰূপান্তৰিত কৰিব পৰা এক বহুমুখী আচবাব সৃষ্টি কৰিবলৈ 'প্ৰ'টোটাইপ-ড্ৰাইভেন ইন'ভেচন' (prototype-driven innovation) পদ্ধতি ব্যৱহাৰ কৰিছে । এই উদ্ভাৱনীমূলক ডিজাইনটো স্থান সীমিত সৰু ঘৰৰ বাবে যথেষ্ট উপযোগী ।

আই আই টি গুৱাহাটীয়ে বিকাশ কৰা মডেল (ETV Bharat Assam)

এই সন্দৰ্ভত অধ্যাপক সুপ্ৰদীপ দাসে কয়, "আমাৰ প্ৰাথমিক উদ্দেশ্য আছিল মানুহৰ যিকোনো নিৰ্দিষ্ট সময়ত তেওঁলোকৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি সীমিত স্থানৰ ব্যৱহাৰ-অনুকূল আচবাব ডিজাইন কৰা । ঘৰ আৰু এপাৰ্টমেণ্ট সৰু হোৱাৰ লগে লগে মানুহক ক্ৰমান্বয়ে এনে আচবাবৰ প্ৰয়োজন হয় । এই উদ্দেশ্য আগত ৰাখি এই সঁজুলি উদ্ভাৱন কৰা হৈছে ।"

তেওঁ লগতে কয়, "এই 'প্ৰ'টোটাইপ-ড্ৰাইভেন ইন'ভেচন' (prototype-driven innovation) পদ্ধতি ব্যৱহাৰ কৰা কাৰখানাটো স্থাপনৰ মূল্য প্ৰায় 35, 000 টকা নিৰ্ধাৰণ কৰা হৈছে । বৃহৎ পৰিমাণৰ উৎপাদনৰ বাবে ইয়াৰ পৰিসৰ বৃদ্ধি কৰিলে উৎপাদন ব্যয় যথেষ্ট হ্ৰাস হ'ব বুলি আশা কৰা হৈছে । দলটোৱে এই উদ্ভাৱনৰ বাবে পেটেণ্ট (Application No. 201931044202) লাভ কৰিছে ।"

আই আই টি গুৱাহাটীয়ে বিকাশ কৰা মডেল (ETV Bharat Assam)

উল্লেখ্য যে National sample survey organization ( NSSO) ৰ এক সমীক্ষা অনুসৰি, নগৰীয়া ঘৰৰ আয়তন 32% হৈছে 258 বৰ্গফুট বা তাতকৈ সৰু । আনহাতে, গ্ৰামাঞ্চলত 39% ঘৰ 312 বৰ্গফুট বা তাতকৈ কম আয়তনৰ । এই ক্ষেত্ৰত বহুমুখী আচবাবৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিছে আৰু আই আই টি গুৱাহাটীৰ নতুন ডিজাইনে সৰু সৰু বাসস্থানৰ সৈতে খাপ খোৱাকৈ এটা সমাধান প্ৰদান কৰিছে ।

লগতে পঢ়ক :কাতি বিহুৰ বিভিন্ন লোকাচাৰ আৰু অসমীয়া কৃষক সমাজত ইয়াৰ তাৎপৰ্য
লগতে পঢ়ক :মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব: গুৱাহাটীৰ বঞ্চিত ৪৮ হেজাৰ আবেদনকাৰীয়ে পট্টা পাবনে ?

ABOUT THE AUTHOR

...view details