গুৱাহাটী, ৩০ জুলাই :চিকিৎসা মাচুলৰ নতুন তালিকা স্বাস্থ্য বিভাগে প্ৰস্তুত কৰাৰ পিচতেই লাগিছে হাহাকাৰ । চৰকাৰী চিকিৎসাত ইমান দিনে ন্য়ূনতম মাচুলতেই ৰোগীয়ে সেৱা লাভ কৰি আহিছিল যদিও যোৱা ২৮ জুলাইত স্বাস্থ্য বিভাগে প্ৰকাশ কৰে চিকিৎসা মাচুলৰ নতুন তালিকা । এই তালিকা অনুসৰি ৰোগীৰ পঞ্জীয়ন মাচুলৰ লগতে এক্স-ৰে, এম আৰু আই, চি টি স্কেন,তেজ পৰীক্ষাৰ মাচুল ২০% বৃদ্ধি কৰা হৈছে । এই মাচুল বৃদ্ধিৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই ।
আমি সিদ্ধান্ত লোৱা নাই :
এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ,"দিছপুৰ পৰা এখন জাননী আহিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ । কিন্তু এতিয়াও আমি সিদ্ধান্ত লোৱা নাই দাম বৃদ্ধি সম্পৰ্কত । আমাক ঠিক কৰিবলৈ দিছে সকলো নিৰিখ,কিন্তু আমি এতিয়াও ঠিক কৰা নাই । সোনকালে সিদ্ধান্ত লম আৰু সকলো আমি ৰাইজক অৱগত কৰিম সংবাদ মাধ্যমৰ যোগেদি ।"
২০০২ চনৰ সেৱা মাচুলেই অব্য়াহত :