অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

বিজেপিৰ শক্তিশালী মানুহৰ বাধাৰ বাবে ট্ৰেডিং কেলেংকাৰীৰ তদন্ত কৰিব পৰা নাই আৰক্ষীয়ে : গৌৰৱ গগৈ - Gaurav Gogoi slams BJP

Gaurav Gogoi at Behali: কেবাটাও বিষয়ক লৈ বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ৷ মুখ্যমন্ত্ৰীয়ে অসমৰ ব্লকে ব্লকে মাটি কিনাৰ সপোন দেখা বুলি কটাক্ষ কংগ্ৰেছ নেতাগৰাকীৰ ৷ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্ত সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য ৷

Gaurav Gogoi at Behali
কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ (ETV Bharat)

বিশ্বনাথ, ২৩ ছেপ্টেম্বৰ :সোমবাৰে বিহালী বিধানসভা সমষ্টিত উপস্থিত হয় লোকসভাৰ উপ-দলপতি তথা যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ৷ বিয়লি প্ৰায় ৪ বজাত অৰুণাচল প্ৰদেশৰ হলঙীস্থিত ডঞি প’ল’ বিমানবন্দৰত অৱতৰণ কৰি পোনে পোনে বিহালীৰ বৰগাঙত উপস্থিত হৈ এক সংবাদমেলত অংশ গ্ৰহণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

উপ-নিৰ্বাচনৰ কাৰ্যসূচী হাতত লৈ বিহালীত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈয়ে সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসন নীতিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে ৷ উপ-নিৰ্বাচনমুখী ৰাজ্যৰ পাঁচোটা সমষ্টিতে শাসকীয় বিজেপি দল পৰাভূত হ'ব বুলি দাবী কৰে গৌৰৱ গগৈয়ে ৷

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ (ETV Bharat)

সংবাদমেলত সাংসদ গৌৰৱ গগৈয়ে কয়, "ৰাজ্যত সংঘটিত ট্ৰেডিং কেলেংকাৰীত জড়িত সকলো অপৰাধীক এদিনৰ ভিতৰত ধৰিব পাৰে ৷ অসম আৰক্ষীয়ে জানে দীপাংকৰ বৰ্মন ক'ত আছে ৷ ওপৰৰ পৰা বিজেপিৰ শক্তিশালী মানুহে অসম আৰক্ষীক বাধা দি আছে ৷ সেই কাৰণে অসম আৰক্ষীয়ে নিজে কাম কৰিব পৰা নাই ৷’’

আনহাতে, সাংসদ গৌৰৱ গগৈয়ে অসমত বিজেপি দলৰ সদস্যভৰ্তি কাৰ্যসূচী বিফল হোৱা বুলি দাবী কৰি কয় যে, বিজেপি দলৰ নামভৰ্তি বিফল হ'ল ৷ সেইকাৰণে বিজেপি দলে ভাবুকি দিবলৈ আৰম্ভ কৰিছে ৷ মাত্ৰ অসমতে নহয়, যদি গুজৰাটৰ হাস্পতালৰ ভিতৰতো কিবা এটা সুবিধা বিচাৰে তেতিয়াহ'লে বিজেপি সদস্য হ'ব লাগে বুলি ভাবুকি দিবলৈ আৰম্ভ কৰিছে ৷ অৰুণোদয় আঁচনি সন্দৰ্ভত তেওঁ কয় যে আঁচনি বিজেপি দলৰ নিজৰ ব্যক্তিগত আঁচনি নহয় ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিজৰ ঘৰৰ পইচা দিয়া আঁচনি নহয় ৷ ৰাইজৰ পইচাকে ৰাইজক দিয়া আঁচনি ৷

‘‘বিজেপি দল শংকিত হৈ মানুহৰ ওপৰত দমন-ভাবুকি দি আহিছে ৷ বিজেপিৰ আগৰ দৰে সদস্য ভৰ্তি হোৱা নাই ৷ এতিয়া অসমৰ মানুহে দম-ভাবুকিত ভয় নেখায় ৷’’ গগৈয়ে কয় ৷

তদুপৰি সংবাদমেলত সাংসদ গৌৰৱে কয় যে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহংকাৰ সন্দৰ্ভত দুবাৰকৈ সমালোচনা কৰিবলৈ বাধ্য হৈছে ৷ অহংকাৰ হ'ল বিজেপি দলৰ পতনৰ মূল কাৰণ ৷ নতুন বিজেপিৰ কাম-কাজত বৰ্তমান পুৰণি বিজেপি নেতা তথা পৰম্পৰাগতভাৱে বিজেপি দল কৰা নেতাসকল আঁতৰি গৈ আছে ৷

তেওঁ লগতে কয়, ‘‘মুখ্যমন্ত্ৰীৰ সপোন- ৰাজ্যৰ প্ৰতি জিলা, প্ৰতি ব্লকত মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠৰ মাটি, বাগান নিজৰ হ'ব লাগে ৷ এইটো এটা ডাঙৰ কেলেংকাৰী ৷’’

ইফালে, সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয় যে বিহালী সমষ্টি বিজেপি নেতা ৰঞ্জিত দত্তৰ দূৰ্গ নহয় ৷ বৰ্তমানলৈকে বিহালীৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কোন হ'ব সেয়া নিশ্চিত হোৱা নাই ৷ বিহালীৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত দলে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক:অনলাইন ট্ৰেডিং জালিয়াতিৰ ন্যায়াধীশ পৰ্যায়ৰ তদন্ত দাবী কংগ্ৰেছৰ - Congress protest

'এক দেশ, এক নিৰ্বাচন' সন্দৰ্ভত কি কয় ভূপেন বৰাই ? - One Nation and One Election

ABOUT THE AUTHOR

...view details