অসম

assam

ETV Bharat / state

'গুৱাহাটীৰ হাওঁফাওঁ’ গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল; ন্যায়ালয়ৰ শপতনামা দাখিলৰ নিৰ্দেশ অসম চৰকাৰক - GARBHANGA RESERVE FOREST

গড়ভঙা অৰণ্যৰ বিননি ! আকৌ অসম চৰকাৰৰ প্ৰকৃতিবিৰোধী পদক্ষেপ ৷ ন্যায়ালয়ৰ মজিয়া পালেগৈ গড়ভঙাৰ অভয়াৰণ্য স্বীকৃতিৰ বাতিল প্ৰসংগ । গড়ভঙাৰ জৈৱ-বৈচিত্ৰ্য আৰু সংশয় ৷

Garbhanga Reserve Forest
গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 6:55 PM IST

গুৱাহাটী : গুৱাহাটী মহানগৰে গ্ৰাস কৰিব নেকি গড়ভঙা অৰণ্য ? ফ্লাই-অ'ভাৰ নিৰ্মাণৰ বাবে গুৱাহাটী মহানগৰৰ মাজমজিয়াৰ দীঘলীপুখুৰী পাৰৰ গছ কাটিবলৈ গৈ জনৰোষত পৰি সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হোৱা ৰাজ্য চৰকাৰ সোমাইছে আন এক বিৰ্তকত । মহানগৰীৰ সমীপতে থকা প্ৰকৃতিৰ ৰম্যভূমি গুৱাহাটী মহানগৰীৰ হাওঁফাওঁ স্বৰূপ গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল কৰি সমালোচিত হৈছে ৰাজ্য চৰকাৰ ।

গুৱাহাটী উচ্চ ন্যায়ালয়ত সচেতন ব্যক্তিয়ে কৰিছে এই সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন । যাৰ বাবে ন্যায়ালয়ে অসম চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছে ৷

গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী মহানগৰীৰৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ দূৰত্বত থকা ১১৭ বৰ্গ কিলোমিটাৰৰ গড়ভঙা অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিল কৰিছে অসম চৰকাৰে । ৰাজ্য চৰকাৰে কেবিনেটৰ এক সিদ্ধান্তৰ জৰিয়তে গড়ভঙা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিল কৰে যদিও গোপনে ৰাখিছিল এই কথা । কেবিনেট সিদ্ধান্তযোগে ৰাজ্য চৰকাৰে গড়ভঙা বন্যপ্রাণী অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিল কৰা প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিলৰ পিচতেই সমগ্ৰ বিষয়টো পোহৰলৈ আহে ।

সক্ৰিয় ৰাজহুৱা কৰ্মী সুব্ৰত তালুকদাৰে গড়ভঙাৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিলৰ বিৰুদ্ধে দাখিল কৰা ৬২/২০২৪ নম্বৰৰ এই পি আই এলখনৰ শুনানি মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে । আবেদনখনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, পৰিৱেশ আৰু বন বিভাগ, মুখ্য প্রধান বন সংৰক্ষক আৰু কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্তলৈ তিনি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ জাননী জাৰি কৰিছে ।

গড়ভঙা অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি প্ৰদান আৰু বাতিল পৰিক্ৰমা

২০২২ চনৰ ৭ এপ্ৰিলত অসমৰ ৰাজ্যপালৰ অধিসূচনামৰ্মে গড়ভঙা সংৰক্ষিত বনাঞ্চলখনৰ ১১৭ বর্গ কিলোমিটাৰ এলেকাক অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি দিয়া হয় । কিন্তু ৰহস্যজনকভাৱে তাৰ কিছুদিনৰ পিচতেই ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ৰাজ্যপালৰ আন এক অধিসূচনাযোগে অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিল কৰা হয় । অতি ৰহস্যজনকভাৱে ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্তযোগে গড়ভঙা বন্যপ্রাণী অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিল কৰে ।

গোচৰীয়া সুব্রত তালুকদাৰে পি আই এলযোগে গড়ভঙা বন্যপ্রাণী অভয়াৰণ্যৰ 'অভয়াৰণ্য'ৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ ন্যায়ালয়ত আবেদন জনায় । আবেদনকাৰী তালুকদাৰে জনায়, “অভয়াৰণ্যৰ স্বীকৃতি বাতিলৰ বাবে সৰ্বোচ্চ কৰ্তৃপক্ষ 'নেচনেল ব'ৰ্ড অব্ ৱাইল্ড লাইফ'ৰ লগতে উচ্চতম ন্যায়ালয়ৰ অনুমতিৰ প্ৰয়োজন । কিন্তু এনেধৰণৰ কোনো অনুমতি নোলোৱাকৈ ৰাজ্য চৰকাৰে গড়ভঙা বন্যপ্রাণী অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি বাতিল কৰে । সেয়ে আমি ন্যায়ালয়ক গড়ভঙাৰ স্বীকৃতি অক্ষুণ্ণ ৰাখিবলৈ আবেদন জনাইছো ।”

ন্যায়ালয়ৰ কাষচপা সুব্ৰত তালুকদাৰৰ লগতে অভিযোগ, “চিমেণ্ট কোম্পানী, হোটেল তথা আন পুঁজিপতি বণিক গোষ্ঠীৰ স্বাৰ্থতেই ৰাজ্য চৰকাৰে অভয়াৰণ্যৰ মৰ্যাদা বাতিল কৰিবলৈ ওলাইছে । কিয়নো অভয়াৰণ্যৰ মৰ্যাদা থাকিলে নিৰ্ধাৰিত অঞ্চলৰ ভিতৰত কোনো ধৰণৰ নিৰ্মাণ বা আন কাৰ্য সম্পাদন কৰাত বাধা আহি পৰে ৷”

গড়ভঙাৰ জৈৱ-বৈচিত্ৰ্য আৰু সংশয়

গুৱাহাটী মহানগৰীৰৰ হাওঁফাওঁৰ দুটা অংশ হ’ল মহানগৰৰ দুফালে থকা আমচাং অভয়াৰণ্য আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চল । গুৱাহাটীৰ সমীপৱৰ্তী গড়ভঙা এক বিশাল অৰণ্যাঞ্চল যদিও ২০২২ চনত তাৰে ১১৭ বৰ্গ কিলোমিটাৰক দিয়া হৈছিল অভয়াৰণ্যৰ প্ৰাৰম্ভিক স্বীকৃতি । 1862 চনতেই অসমৰ দ্বিতীয়গৰাকী সচিব জি টি ডি লয়ডে গড়ভঙাক সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰিছিল ।

বন্যপ্ৰাণী বিশেষজ্ঞ, গৱেষক তথা গড়ভঙাৰ বিষয়ে গৱেষণাত জড়িত ডঃ নিলোৎপল মহন্তই ইটিভি ভাৰতক জনোৱা তথ্য আৰু 'জাৰ্ণেল অব থ্ৰিটেণ্ড টেক্সা' নামৰ গৱেষণা-পত্ৰৰ তথ্য অনুসৰি, গুৱাহাটী মহানগৰীৰৰ সমীপৱৰ্তী হ’লেও গড়ভঙা এক জৈৱ-বৈচিত্ৰ্যৰ মেটমৰা ভঁৰাল ৷ ডঃ নিলোৎপল মহন্তই উল্লেখ কৰে, "গুৱাহাটীৰ হাওঁফাওঁ স্বৰূপ দুই বনাঞ্চল হ’ল আমচাং আৰু গড়ভঙা । গুৱাহাটীৰ জনস্বাস্থ্য আৰু উত্তৰ প্ৰজন্মৰ বাবে গড়ভঙাৰ সৰক্ষণ অতি জৰুৰী হৈ পৰিছে ৷ দুষ্প্ৰাপ্য হলৌ বান্দৰৰ পৰা আৰম্ভ কৰি হৰ্ণবিল (ধনেশ পখী), হাড়গিলা, বাইচন, নাহৰফুটুকী আনকি ভালুকৰো অৱস্থিতি গড়ভঙাত পোৱা গৈছে ।”

গড়ভঙাৰ বৈচিত্ৰ্য

বন্যপ্ৰাণী গৱেষক তথা বিশেষজ্ঞ ডঃ নিলোৎপল মহন্ত আৰু 'জাৰ্ণেল অব থ্ৰিটেণ্ড টেক্সা'ৰ তথ্য অনুসৰি

  • গড়ভঙা বনাঞ্চল মুঠ ২৫৪ টা প্ৰজাতিৰ পখিলাৰ ৰম্যভূমি
  • মুঠ ২৯ বিধ উভচৰ প্ৰাণী পোৱা গৈছে গড়ভঙাত ৷ ইয়াৰে ৪ বিধ উভচৰ বিলুপ্তিৰ পথত । এটা প্ৰজাতি বিপদাপন্ন ৷

সৰীসৃপ : গড়ভঙাত মুঠ ৬৪ বিধ সৰীসৃপৰ অৱস্থিতি পোৱা গৈছে । ইয়াৰে ভিতৰত আছে অজগৰ, ৰজাফেঁটীকে ধৰি মুঠ ৩৯ টা প্ৰজাতিৰ সাপ, ২১ টা প্ৰজাতিৰ লিজাৰ্ডজাতীয় (জেঠীবৰ্গীয়) সৰীসৃপ ৷

গড়ভঙা অভয়াৰণ্যৰ জীৱকুলৰ পৰিসংখ্যা (Source Taxa)

International Union for Conservation of Nature (IUCN) ৰ ৰেডলিষ্ট অনুসৰি, ইয়াৰে ৩টা প্ৰজাতি বিলুপ্তপ্ৰায় (Endengered), ৪ টা প্ৰজাতি বিপদাপন্ন (Vulnerable), দুটা প্ৰজাতিৰ সৰীসৃপ ভাবুকিৰ সন্মুখীন (Near Threatened) হৈছে ।

পক্ষীকুল :গড়ভঙাত মুঠ ৩০৭ টা প্ৰজাতিৰ চৰাইৰ অৱস্থিতি এতিয়ালৈকে পোৱা গৈছে । IUCN ৰেডলিষ্টত ইয়াৰে ৩ টা প্ৰজাতিৰ চৰাই অতিশয় বিলুপ্তপ্ৰায় (Cirtically Endengered), ১ টা প্ৰজাতি বিলুপ্তপ্ৰায় (Endengered), চাৰিটা চৰাইৰ প্ৰজাতি বিপদাপন্ন (Vulnerable) হোৱাৰ লগতে গড়ভঙাত বিপদাপন্ন হোৱাৰ দিশে আগবাঢ়িছে ৫ টাকৈ চৰাইৰ প্ৰজাতি ৷

স্তন্যপায়ী :অসম চৰকাৰে অভয়াৰণ্যৰ প্ৰাৰম্ভিক মৰ্যাদা প্ৰদান কৰা গড়ভঙা বনাঞ্চলত মুঠ ৩১ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী পোৱা যায় । হাতীৰ পৰা হলৌ বান্দৰলৈ স্তন্যপায়ী প্ৰাণীৰ বসতিথলী হ’ল এইখন গড়ভঙা বনাঞ্চল ৷

IUCN ৰ ৰেডলিষ্ট অনুসৰি, ৩১ টা স্তন্যপায়ী জীৱৰ ভিতৰত এটা প্ৰজাতি অতিশয় বিলুপ্তপ্ৰায়, দুটা প্ৰজাতি বিলুপ্তপ্ৰায়, ৫ টা প্ৰজাতি বিপদাপন্ন, এটা প্ৰজাতি বিপদাপন্ন হোৱাৰ দিশে আগবাঢ়িছে ।

স্বাভাৱিকতে অসম চৰকাৰে ২০২২ চনত অভয়াৰণ্যৰ প্ৰাৰম্ভিক মৰ্যাদা দি ২০২৩ চনত পুনৰ বাতিল কৰা সিদ্ধান্তই প্ৰকৃতিপ্ৰেমী আৰু সচেতন লোকসকলক আশ্বৰ্যচকিত কৰি তুলিছে । ন্যায়ালয়ত এই প্ৰসংগত অসম চৰকাৰে কি শপতনামা দিয়ে সেয়াও লক্ষণীয় হ’ব ।

লগতে পঢ়ক :অসমৰ ভূমিত নগাৰ দপদপনি; অসমীয়াক গুৰুলাগুৰুলকৈ প্ৰহাৰ
লগতে পঢ়ক :চৰকাৰী নিৰ্দেশ অমান্য; ৫ এ চি এছ বিষয়াক নিলম্বন

ABOUT THE AUTHOR

...view details