অসম

assam

ETV Bharat / state

চাৰি হত্যাকাৰীক দোষী সাব্য়স্ত আদালতৰ - RANGIA MURDERER CONVICTED

২০০৬ চনৰ ১৩ মে'ত সংঘটিত হৈছিল এক নৃশংস হত্য়াকাণ্ড । তাৰ পিছত পাঁচ হত্য়াকাৰীৰ বিৰুদ্ধে চলিছিল আইনী যুঁজ ।

Murder case in Rangia
পাঁচ হত্য়াকাৰীৰ বিৰুদ্ধে ৰায়দান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 10:10 PM IST

ৰঙিয়া: সুদীৰ্ঘ ১৮ বছৰ পিছত ন‍্যায়ালয়ে দোষী সাব্য়স্ত কৰিলে চাৰি হত্যাকাৰীক । পুত্ৰ হত্যাকাৰীক শাস্তি বিহাৰ পিছতেই ন্যায় লাভ কৰিলে ৰঙিয়া বালিসত্ৰৰ এগৰাকী মহিলাই । শুকুৰবাৰে ৰঙিয়াৰ অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশৰ আদালতে দিয়া এই ৰায়ত সন্তোষ প্ৰকাশ মাতৃ ৰেণু বৈশ্য আৰু পৰিয়ালৰ ।

আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান

পাঁচ হত্য়াকাৰীৰ বিৰুদ্ধে ৰায়দান (ETV Bharat Assam)

ঘটনাটো ২০০৬ চনৰ ১৩ মে'ৰ । সন্ধিয়া প্ৰায় ৭ বজাত ঘৰত অকলে থকাৰ সুযোগ লৈ পাঁচজনীয়া ঘাতকৰ দলে প্ৰথমে চোকা অস্ত্ৰৰে ৰেণু বৈশ্যৰ মূৰত আঘাত কৰে । মাকক বচাবলৈ অহা তেওঁৰ মাজু পুত্ৰ ৰাহুল বৈশ্যক নৃশংসভাৱে হানি-খুচি হত্যা কৰে দুৰ্বৃত্তৰ দলটোৱে । ঘটনা সন্দৰ্ভত ভ্ৰাতৃ হৰিচৰণ বৈশ্যই কঞা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰঙিয়া মহকুমা ন্যয়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু হৈছিল । অৱশেষত সুদীর্ঘ ১৮ বছৰৰ মূৰত ভুক্তভোগী ৰেণু বৈশ্য আৰু তেওঁৰ পৰিয়ালে ন্যায় লাভ কৰে ।

ৰঙিয়াৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিশেষ আদালতে হত্যাকাৰী চাৰিজন ক্ৰমে বনজিৎ বৈশ্য, বসন্ত বৈশ্য, সুৰেন বৈশ্য আৰু তিলক বৈশ্যক স্বাক্ষী প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰে । আদালতে অহা ২ নৱেম্বৰত তেওঁলোকৰ চূড়ান্ত শাস্তি ঘোষণা কৰি ৰায়দান কৰিব ।

আজিৰ এই ৰায়দানত ভুক্তভোগী মাতৃ আৰু পৰিয়ালে ন্যায় পোৱাৰ লগতে আদালতৰ ৰায়ত সন্তুষ্টি লাভ কৰা বুলি কয় । উল্লেখ্য যে ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ডটোত জড়িত আছিল ৫ জন । গোচৰ চলি থকা সময়তে ধৰ্মেশ্বৰ বৈশ্য নামৰ হত্যাকাৰীজনৰ স্বাস্থ্যজনিত কাৰণত মৃত্যু হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত চাৰি হত্যাকাৰীয়ে শাস্তি লাভ কৰিব বুলি চৰকাৰী অধিবক্তাই সদৰী কৰিছে ।

লগতে পঢ়ক:গুইজানত নৃশংস হত্যাকাণ্ড, আটক মহিলা
সঁচাকৈয়ে হত্যা কৰিছিল নেকি পুত্ৰক ?

ABOUT THE AUTHOR

...view details