অসম

assam

ETV Bharat / state

জালত পৰিল ৪ সোণ চোৰ: কলকাতাৰ পৰা আটক নাৰী নিৰ্যাতনৰ অভিযুক্ত - GOLD THIEVES ARRESTED

নগাঁও আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি সোণ উদ্ধাৰ কৰাৰ লগতে চাৰিটাকৈ সোণ চোৰক কৰায়ত্ত কৰে ৷

CRIME IN ASSAM
নগাঁও আৰক্ষীৰ জালত ৪ সোণ চোৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 8:15 PM IST

চামগুৰি:নগাঁও আৰক্ষীয়ে নগাঁও আৰু ধুবুৰীত অভিযান চলাই চাৰিটাকৈ সোণ চোৰক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুৰি সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ধৃত অভিযুক্ত সোণ চোৰকেইটা ক্ৰমে ধুবুৰীৰ আছাদুল এলাইছ উলতা, নগাঁৱৰ বৰভেটিৰ মনজুৰ আহমেদ, বৰবজাৰৰ আক্ৰাম হুছেইন আৰু চকীটুপৰ ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে । নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই মঙলবাৰে সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:মেঘালয়-গোৱালপাৰাৰ পৰা ৬ গাড়ীচোৰক গ্ৰেপ্তাৰ - Car theft racket

অভিযুক্ত আটকাধীন সোণ চোৰকেইটাৰ পৰা আৰক্ষীয়ে প্ৰায় ২০গ্ৰাম সোণৰ লগতে বহুকেইপদ সোণ গলোৱা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । সোণ চুৰিৰ লগত জড়িত এই চক্ৰটোৱে চুৰি আ-অলংকাৰসমূহ সোণাৰিশালত গলাই বিভিন্ন ব্যক্তিক বিক্ৰী কৰি আহিছিল বুলি আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই জানিবলৈ দিয়ে । সোণ চুৰি চক্ৰটোৰ সৈতে আৰু কেইবাজনো জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

সম্প্ৰতি নগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সোণচোৰকেইটাক জেৰা অব্যাহত ৰাখিছে । সোণ চুৰি ঘটনা সন্দৰ্ভৰ অনুসন্ধান অব্যাহত ৰখা নগাঁও আৰক্ষীৰ জালত আৰু বহুকেইটা চোৰ ধৰা পৰাৰ সম্ভাৱনা আছে । নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযান চলাইছিল ।

লগতে পঢ়ক:আৰক্ষীৰ জালত দলবদ্ধ ধৰ্ষণকাণ্ডৰে জড়িত আন এটা অভিযুক্ত

ইপিনে, নগাঁও আৰক্ষীৰ এটা দলে কলকাতাত অভিযান চলাই নাৰী নিৰ্যাতনৰ লগত জড়িত এটা অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় । ধৃত অভিযুক্তটোক সুজিত দে' বুলি চিনাক্ত কৰা হৈছে ৷ । ১ নৱেম্বৰত এগৰাকী বৃদ্ধাক নিৰ্যাতন চলোৱাৰ লগতে আৰু হত্যাৰ চেষ্টা কৰাৰ অভিযোগ সুজিত দে‘ৰ বিৰুদ্ধে । সেইদিনাৰ নিশাৰ পৰা পলাতক হৈ আছিল সুজিত দে’ । এগৰাকী কিশোৰীকো নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে সুজিত দে’ৰ বিৰুদ্ধে ৷

ABOUT THE AUTHOR

...view details