তিনিচুকীয়া, ১৮ জুলাই :এগৰাকী প্ৰাক্তন বিধায়কৰ ভাতৃৰ বিৰুদ্ধে চৰকাৰী চিকিৎসালয়ৰ ভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই অভিযোগৰ ভিত্তিতে বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি-ৰঙাজান মণ্ডলৰ যুৱ মৰ্চা, ৰূপাই আৰু ডুমডুমা মণ্ডল যুৱ মৰ্চাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদৰ অন্তত ডুমডুমা ৰাজহ চক্ৰ বিষয়াক এখনি লিখিত আবেদনো দাখিল কৰে প্ৰতিবাদকাৰীসকলে
ডুমডুমা অসামৰিক চিকিৎসালয়ৰ ভূমি বেদখল (ETV Bharat Assam) অভিযোগ অনুসৰি, ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুৰ্গা ভূমিজৰ ভাতৃৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ । দুৰ্গা ভূমিজৰ ভাতৃ জগত ভূমিজে ডুমডুমা অসামৰিক চিকিৎসালয় (FRU)ৰ অন্তৰ্গত এটি চৰকাৰী আৱাসগৃহসহ প্ৰায় দুই কঠা মাটি অবৈধভাৱে বেদখল কৰি আহিছে ।
দুৰ্গা ভূমিজ ডুমডুমা সমষ্টিৰ বিধায়ক হৈ থকাৰ সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰি দুৰ্গা ভূমিজে ভাতৃ জগত ভূমিজক উক্ত স্থানত সংস্থাপন দিয়াৰো অভিযোগ কৰিছে বিজেপিৰ যুৱ মৰ্চাই । এই চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰাৰ আঁৰত প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজো জড়িত হৈ আছে বুলিও যুৱ মৰ্চাই অভিযোগ কৰে ।
লগতে পঢ়ক :কা-ৰ বিৰুদ্ধে তিনিচুকীয়াৰ ৰাজপথত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গৰ্জন - Protest Against CAA
বিভিন্ন দল-সংগঠনে বহুবাৰ এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ উপায়ন্তৰ হৈ চৰকাৰী চিকিৎসালয়ৰ দখলীকৃত ভূমি উচ্ছেদ কৰাৰ দাবীৰে বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টী ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি-ৰঙাজান যুৱ মৰ্চাৰ মণ্ডল সমিতি, ৰূপাই আৰু ডুমডুমা মণ্ডল যুৱ মৰ্চাই ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ।
আনকি এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ ঘটনাৰ উচিত তদন্ত কৰি বিভাগীয় বিষয়াক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷ লগতে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, সাংসদ তথা ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাকো এই বিষয়টো অলপ গুৰুত্ব সহকাৰী ল’বলৈ দাবী জনায় । অন্যথা বিজেপিৰ যুৱ মৰ্চাই আগন্তুক সময়ত ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক :মৰাণ জনগোষ্ঠীক বিজেপি চৰকাৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগ : ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ - Moran community tribalisation