তেজপুৰ, ৮ আগষ্ট :"দেহত শেষ নিশ্বাস থকালৈকে অসমত বিয়পি পৰা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে যুঁজি যাম ।"- এই মন্তব্য এগৰাকী উদীয়মান যুৱক তথা প্ৰাক্তন মাৰ্চেন্ট নেভিৰ সদস্য ৩০ বছৰীয়া ধীৰাজ তালুকদাৰৰ । ই টিভি ভাৰতৰ লগত হোৱা এক টেলিফোন বাৰ্তাত তালুকদাৰে কয় যে অসমত ভয়াবহভাবে বৃদ্ধি পোৱা এই মাৰাত্মক ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে উঠি অহা প্ৰজন্মক উদ্ধাৰ কৰা তেওঁৰ উদ্দেশ্য ।
ড্ৰাগছৰ বিৰুদ্ধে সজাগতা দৌৰ :
"অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ গৈ ড্ৰাগছ আসক্ত হৈ পৰে । সেয়া মই প্ৰত্যক্ষ কৰিছিলো ।" ধীৰাজ তালুকদাৰে কয় । এই উপলক্ষে যোৱা ২০ জুলাইৰ পৰা অসমৰ পূব প্ৰান্তৰ ধলা-শদিয়াৰ ভাৰতৰত্ন ভূপেন হাজৰিকা সেতুৰ পৰা অকলেই দৌৰ আৰম্ভ কৰি ৩ আগষ্টত ধুবুৰী জিলাত সমাপ্ত কৰে । দুগৰাকী সহকৰ্মীৰ সহায়ত এই সজাগতা দৌৰ আৰম্ভ কৰে পাঠশালাৰ নিবাসী ধীৰাজ তালুকদাৰে ।
মুঠ ৮৭৬ কিলোমিটাৰ পথ দৌৰি ৰাইজৰ মাজত এই ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাকেই মুল লক্ষ্য হিচাপে লৈছে এইগৰাকী অসমীয়া যুৱকে । সুদীৰ্ঘ ৯ বছৰ মাৰচেন্ট নেভিত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা তালুকদাৰে মুম্বাইৰ পৰা ইৰাণকে আদি কৰি বিভিন্ন বিদেশী ৰাষ্ট্ৰত কৰ্মজীৱন অতিবাহিত কৰে ।
ধীৰাজ তালুকদাৰৰ আহ্বান:
"ড্ৰাগছৰ প্ৰচলন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত যুৱ-প্ৰজন্মৰ মাজত ভয়ানকভাৱে বৃদ্ধি পাইছে । অসমৰ যুৱ-প্ৰজন্মৰ মাজত অন্য ৰাজ্যৰ তুলনাত ২০ শতাংশ বৃদ্ধি পাইছে ।" তালুকদাৰে কয় । সেয়ে তেওঁ অসম চৰকাৰক আহ্বান জনাই যে চৰকাৰে এই মাৰাত্মক ব্যাধিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে ।
ধীৰাজে পৰৱৰ্তী সময়ত এই যাত্ৰা সীমান্তৰ কাষেৰে প্ৰায় ১৫ হাজাৰ কিলোমিটাৰ দূৰত্ব দৌৰি এই বাৰ্তা প্ৰেৰণ কৰাৰ এক চিন্তা গ্ৰহণ কৰিছে বুলিও ই টিভি ভাৰতক জানিবলৈ দিয়ে ।