অসম

assam

ETV Bharat / state

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলীৰ - BALOBHADRA TAMULI PASSES AWAY

পঞ্চভূতত বিলীন বোকাখাতৰ মহীৰূহ, অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী ।

BALOBHADRA TAMULI PASSES AWAY
অসম আন্দোলনৰ অগ্ৰণী নেতা বলোভদ্ৰ তামুলীৰ শেষ যাত্ৰা (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 13, 2025, 4:13 PM IST

গোলাঘাট:বোকাখাতৰ মহীৰূহ, অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰাক্তন বিধায়ক বলোভদ্ৰ তামুলীক বৃহস্পতিবাৰে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে আৰক্ষীৰ অভিবাদন আৰু টোপধ্বনিৰ মাজেৰে অগণন গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয় ।

অসম গণ সংগ্ৰাম পৰিষদৰ প্ৰাক্তন কৰ্মী তথা অসম গণ পৰিষদৰ প্ৰাক্তন নেতা বলোভদ্ৰ তামুলীৰ বুধবাৰে দিনৰ প্ৰায় ১ বজাত ৮৭ বছৰ বয়সত বোকাখাত জ্যোতিপুৰৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে ৷

অসম আন্দোলনৰ অগ্ৰণী নেতা বলোভদ্ৰ তামুলীৰ শেষ যাত্ৰা (Etv Bharat Assam)

আজি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্তিম সৎকাৰ কৰা হয় । অসম গণ পৰিষদৰ সভাপতি, বোকাখাতৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা, জিলা আয়ুক্ত পুলক মহন্ত, জিলা আৰক্ষী বিষয়া ৰাজেন সিং, প্ৰাক্তন বিধায়ক জিতেন গগৈকে ধৰি অজস্ৰ গুণমুগ্ধই সৎকাৰস্থলীত উপস্থিত থাকি নেতাগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে । অসম গণ পৰিষদ গঠনৰ অন্যতম আহ্বায়ক তথা অসম গণ সংগ্ৰাম পৰিষদৰ দ্বাৰা অসমৰ বিদেশী বিতাৰণ আন্দোলনক নেতৃত্ব দিয়া বিশিষ্ট ব্যক্তি বলোভদ্ৰ তামুলীৰ নশ্বৰদেহ আজি পুৱাৰ ভাগত পুষ্পসজ্জিত বাহনেৰে জ্যোতিপুৰ বৰ নামঘৰৰ, অসম গণ পৰিষদৰ কাৰ্যালয়, বোকাখাত ষ্টেডিয়াম, বোকাখাত নাট্য মন্দিৰলৈ নিয়া হয় । এই সময়ছোৱাত বোকাখাতৰ প্ৰয়াত মহীৰূহগৰাকীক তিনি শতাধিক দল-সংগঠন, ব্যক্তি-বিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

বলোভদ্ৰ তামুলীৰ শেষ যাত্ৰা (Etv Bharat Assam)

উল্লেখ্য যে অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত বোকাখাতৰ লগতে অসমক নেতৃত্ব দি দীঘলীয়া সময় জে’লত থাকিবলগীয়া হৈছিল প্ৰয়াত নেতাগৰাকী । অৱশেষত অসম চুক্তিৰ পাছত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল ‘অসম গণ পৰিষদ’ৰ অন্যতম আহ্বায়ক আছিল বলোভদ্ৰ তামুলী । বলোভদ্ৰ তামুলী ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈকে অসম গণ পৰিষদ দলৰ বোকাখাত সমষ্টিৰ বিধায়ক হৈ অসম বিধানসভাৰ আসন অলংকৃত কৰিছিল ।

বলোভদ্ৰ তামুলীক শেষ শ্ৰদ্ধা ৰাজ্য চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী অতুল বৰাৰ (Etv Bharat Assam)

১৯৩৮ চনত জন্মগ্ৰহণ কৰা বোকাখাত ডাকঘৰৰ কৰ্মচাৰী প্ৰয়াত ভদ্ৰেশ্বৰ তামুলীৰ পুত্ৰ বলোভদ্ৰ তামুলীয়ে ১৯৫৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ৷ তেওঁ কলেজীয়া শিক্ষা আহৰণ কৰি থকা অৱস্থাতে যোৰহাটৰ ৰৰৈয়াত থকা নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সীত যোগান সঞ্চালকৰ অধীনস্থ বিদ্যুৎ বিভাগৰ সহকাৰী অভিযন্তা কাৰ্যালয়ত চাকৰি কৰি কৰ্মজীৱনৰ পাতনি মেলে আৰু কৰ্মজীৱনৰ মাজেৰে কলেজীয়া শিক্ষা আহৰণ কৰে । পৰৱৰ্তী সময়ত ভুৱনেশ্বৰৰ ৰিজিঅ'নেল কলেজ অৱ এডুকেশ্বনৰ পৰা বি এড ডিগ্ৰী লাভ কৰে তামুলীয়ে । ক্ৰীড়াপ্ৰেমী তামুলীয়ে ১৯৬৫ চনত বি এড পঢ়ি থাকোতে উৎকল বিশ্ববিদ্যালয়ৰ হৈ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ।

বোকাখাতত শিক্ষকতা কৰি থকাৰ সময়তো বিদ্যালয়ৰ খেল বিভাগৰ বিবিধ দায়িত্ব পালন কৰাৰ লগতে বৃহত্তৰ বোকাখাত অঞ্চলত ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও ফুটবল খেলৰ ৰেফাৰীৰ দায়িত্ব বহন কৰিছিল । তেনেদৰে কৃষিখণ্ডতো তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল । ৭০ দশকত তামুলীয়ে অসমত প্ৰথমবাৰৰ বাবে টাইচুং ধানৰ খেতি কৰিছিল । ১৯৭২-৭৩ বৰ্ষৰ বাবে বোকাখাত গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ সভাপতি নিৰ্বাচিত হৈ বান অধ্যুষিত অঞ্চলত বানপানী হৈ যোৱাৰ পাছত পৰিত্যক্ত ভূমিত শষ্য উৎপাদনৰ বাবে প্ৰথমবাৰৰ বাবে সমবায় সমিতিৰ তৰফৰ পৰা কৃষি ঋণৰ ব্যৱস্থা কৰিছিল ।

অসম আন্দোলনৰ অগ্ৰণী নেতা বলোভদ্ৰ তামুলী (Etv Bharat Assam)

বোকাখাত সমষ্টিৰ বিধায়ক হৈ থকা অৱস্থাত কৃষি পাম নিগম আৰু অসম বীজ নিগমৰ অধ্যক্ষৰ আসন অলংকৃত কৰাৰ লগতে ক্ষুদ্ৰ চাহ খেতিৰ বাবে নিবনুৱা উদ্যোগী যুৱকসকলক তিনি হেক্টৰকৈ ভূমি আবণ্টন দি এক জাগৰণৰ সৃষ্টি কৰিছিল । ১৯৭৮ চনত সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ সেই বছৰতেই বোকাখাত পঞ্চায়তৰ অন্তৰ্গত সকলো জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিক লগত লৈ অসম জাতীয়তাবাদী দলৰ বোকাখাত শাখা গঠন কৰে । মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ ৬ গৰাকী কন্যা, বোৱাৰী, জোঁৱাই, কেইবাগৰাকী নাতি-নাতিনীৰ লগতে আত্মীয় আৰু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

তেওঁৰ মৃত্যুত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, প্ৰাক্তন বিধায়ক জিতেন গগৈ, অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সন্থা, গোলাঘাট প্ৰেছ ক্লাব আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোকপ্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । এই মহান নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি বোকাখাত সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই কয়, "বলোভদ্ৰ তামুলীৰ শেষকৃত্যত আজি উপস্থিত আছো ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হৈছে । জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আদিকে ধৰি জিলা প্ৰশাসনৰ লগতে অগণন ৰাইজৰ উপস্থিতিত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷"

বলোভদ্ৰ তামুলীক শেষ শ্ৰদ্ধা মন্ত্ৰী অতুল বৰাৰ (Etv Bharat Assam)

তেওঁ লগতে কয়, "তেখেতৰ মৃত্যু আমাৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি । ১৯৭৮ চনত যেতিয়া বিদেশী বিতাৰণৰ দাবীত গণ আন্দোলন হৈছিল সেই আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা । জাতিক ভাল পোৱা এগৰাকী ব্যক্তি । তেখেতে কেৱল এগৰাকী ৰাজনৈতিক নেতাই নহয় এগৰাকী খেলুৱৈ, ক্ৰীড়া সংগঠক, আদৰ্শ কৃষক আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছিল । তেখেত আজি আমাৰ মাজত নাই, আমি তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো ।"

মন্ত্ৰী অতুল বৰাই বোকাখাতত প্ৰয়াত বলোভদ্ৰ তামুলীৰ স্মৃতিত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে । প্ৰয়াত তামুলীৰ পৰিয়ালৰ লোকেও এইক্ষেত্ৰত সহযোগিতা কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক:ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ দেহাৱসান

ABOUT THE AUTHOR

...view details