অসম

assam

ETV Bharat / state

বিহুলৈ বুলি পেঁপা, গগনা আদি প্ৰস্তুত কৰাত ব্যস্ত ধেমাজিৰ ভোগেশ্বৰ গগৈ - Rangali Bihu 2024 - RANGALI BIHU 2024

Rangali Bihu 2024: হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ এপষেক । আৰম্ভ হৈছে ৰঙালীক আদৰাৰ প্ৰস্তুতি । ৰঙালী বিহুক লৈ ব্যাপক ব্যস্ত ধেমাজিৰ এগৰাকী লোকশিল্পী । পিছে কিহৰ এই ব্যস্ততা জানিবলৈ চাওক এই প্ৰতিবেদন ।

Folk artist Bhogeshar Gogoi is busy making folk instruments in Dhemaji
বিহুলৈ বুলি পেঁপা, গগনা আদি প্ৰস্তুত কৰাত ব্যস্ত ধেমাজিৰ ভোগেশ্বৰ গগৈ

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 8:31 PM IST

বিহুলৈ বুলি পেঁপা, গগনা আদি প্ৰস্তুত কৰাত ব্যস্ত ধেমাজিৰ ভোগেশ্বৰ গগৈ

ধেমাজি,২৯ মাৰ্চ:জাতিয়ে স্নান কৰা ঋতু এয়া বসন্ত । জাতিটোৰ স্বাভিমান ব'হাগলৈ আৰু এপষেক । বাসন্তী মলয়াই ৰঙ সানি যোৱাৰ পাচতে অসমীয়াই আৰম্ভ কৰিছে ব'হাগ বিহুৰ প্ৰস্তুতি । কুলিৰ মাতে, কপৌফুলে বিলাইছে ব'হাগ অহাৰ বাতৰি । শিপিনিয়ে মৰমৰ বাণীৰে চেনেহৰ দীঘেৰে চেনাইলৈ বৈছে আছু সুতাৰ বিহুৱান । প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিহুনাচ, ঢোলবাদনৰ কৰ্মশালা । সমানে প্ৰস্তুতি চলিছে ঢোল, পেঁপা, গগনা নিৰ্মাণৰ । ব'হাগ বুলিলেই ব্যস্ততা বাঢ়ে ধেমাজিৰ ভোগেশ্বৰ গগৈৰ ।

গগৈয়ে নিৰ্মাণ কৰিছে পাচিঘাটৰ ম'হৰ শিঙেৰে উন্নত মানৰ পেঁপা । অৰুণাচলৰ পাহাৰৰ বাঁহৰ বাঁহী । গগনা, কাকৈ আদিৰে উভৈনদী গগৈৰ চোতাল । যিসমূহ লোকবাদ্যৰ অবিহনে ৰঙালী বিহুটি সম্পূৰ্ণ নহয় সকলোবোৰ বাদ্যই উপলব্ধ ভোগেশ্বৰ গগৈৰ ওচৰত । ধেমাজিৰ গুটুং হাঁহচৰা গাঁৱৰ লোকবাদ্য শিল্পী ভোগেশ্বৰ গগৈয়ে বিগত বছৰৰ দৰে এইবেলিও ব'হাগ বিহুৰ বাবে ঘৰতে বিধে বিধে লোকবাদ্য নিৰ্মাণ কৰি বিহু বজাৰৰ বাবে সাজু কৰি তুলিছে ৷ শিল্পীগৰাকীৰ বাসগৃহত এতিয়া ব্যস্ততা অন্ত নাই ৷ ইতিমধ্যে বিহুৰ বাবে পাইকাৰী দৰত বহুতো ব্যৱসায়ীয়ে ঘৰৰ পৰা ক্ৰয় কৰিছে লোকবাদ্য সামগ্ৰী ৷ শিল্পীগৰাকীয়ে ধেমাজি সাপ্তাহিক বজাৰ উপৰিও চিলাপথাৰ, গোগামুখ, জোনাইৰ লগতে ডিব্ৰুগড়ৰ আদি বজাৰলৈ গৈ বিক্ৰী কৰে ৷

ম'হৰ চৰা দাম আৰু শিং পাবলৈ নোহোৱা বাবে সুদুৰ অৰুণাচলৰ পাচিঘাট, চিয়াং জিলাৰ পৰা অত্যন্ত কষ্ট কৰি সংগ্ৰহ কৰিবলগীয়া হয় কেঁচামাল ৷ সেইদৰে বাঁহীৰ বাবেও অৰুণাচলৰ পাহাৰৰ পৰা সংগ্ৰহ কৰিবলগীয়া হয় বাঁহ ৷ ফলস্বৰূপে কষ্টৰ অনুপাতে উচিত মূল্য নাপায় বুলি উল্লেখ কৰে শিল্পীগৰাকীয়ে । তৎসত্বেও ১৯৮২ চনৰে পৰা নিৰৱছিন্নভাৱে তেওঁ এই সাধনা অব্যাহত ৰাখিছে ৷ তেওঁ জনোৱা অনুসৰি একোতা পেঁপাৰ মূল্য ৪০০০-১২০০০ টকা, এপাত গগনাৰ মূল্য ১০০-৫০০ টকা ।

ইয়াৰে ভিতৰত জুৰীয়া পেঁপাৰ মূল্য অধিক ৷ টকা সৰু আৰু ডাঙৰ ভেদে মূল্য সুকীয়া সুকীয়া, ঢোলৰ মাৰি এডালত ১০০ টকা ৷ অনুৰূপভাৱে নিম্নতম মূল্যত সুতুলী, বাঁহী, কাকৈ ফনীও তৈয়াৰ কৰি সাজু কৰিছে গগৈয়ে ৷ ইফালে তেওঁৰ এই কামত সহযোগিতা আগবঢ়াই সন্তোষ লাভ কৰা বুলি জনাই তেওঁৰ সহধৰ্মিনীয়ে । এনেদৰেই ৰঙালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত লোকশিল্পীগৰাকী । আপুনিও বিহুৰ আগতেই ভোগেশ্বৰ গগৈৰ পৰা সংগ্ৰহ কৰিব পাৰে বিহুৰ বাবে আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবিধ ।

লগতে পঢ়ক:ঢকুৱাখনাত ঐতিহাসিক ফাটবিহুৰ ব্যাপক প্ৰস্তুতি - Faat Bihu In Assam

ABOUT THE AUTHOR

...view details