বৰপেটা, 17 জুন : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বলিয়া বানৰ তাণ্ডৱ ৷ বানত ককবকাইছে দুৰ্ভগীয়া বানাক্ৰান্তই ৷ বাঢ়নী পানীত নিতৌ বুৰ গৈছে ন ন অঞ্চল ৷ ইয়াৰ মাজতে বিগত কিছুদিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত সৰুক্ষেত্ৰীৰ পাকা মৌজাৰ বিস্তীর্ণ এলেকা প্লাবিত হৈ পৰিছে ৷ সৰুক্ষেত্ৰীৰ মাজেৰে বৈ যোৱা বুঢ়াদিয়া নৈৰ বাঢ়নী পানী কালাতলীত মথাউৰিৰ ভগা অংশৰে হোৰাহোৰে সোমাই আছে ৷ ফলত কালাতলী, পাৰাহকুছি পথাৰ, সত্ৰপাকা, নটপাৰা, জাব্ৰিকুছি, বতিয়া, খৰিয়া আদি গাঁৱৰ ভিতৰত পানী সোমাই বহু পৰিয়ালৰ ঘৰ-বাৰী বুৰাই পেলাইছে ৷
আনহাতে পাৰাহকুছিৰ পশ্চিম অংশত বুঢ়াদিয়াৰ উন্মুক্ত মথাউৰিৰে বাঢ়নী পানী সোমোৱাত নৈপৰীয়া কেবাটাও পৰিয়াল আতংকিত হৈ পৰিছে ৷ তদুপৰি, বতিয়াৰ পূব অংশত বুঢ়াদিয়া নৈৰ মথাউৰিৰ ওপৰেৰে বাঢ়নী পানী সোমাই থকাৰ বিপৰীতে বতিয়াৰ পশ্চিম ফালে টিহু নৈৰ পানী উন্মুক্ত মথাউৰিৰে সোমাই ক্ষুদ্ৰগোমুৰা, শান্তিপুৰ আদি ভালেমান অঞ্চল বুৰাই পেলাইছে ৷ উন্মুক্ত মথাউৰি নিৰ্মাণ নকৰাৰ ফলতে পাকা , সৰুক্ষেত্ৰী মৌজাৰ ৰাইজ বানৰ আশংকাত এতিয়া দিন পাৰ কৰিবলগা হৈছে ৷