অসম

assam

বিকশিত অসমত যাতায়তৰ বাবে নাগৰিকৰ ভৰসা কলৰ ভূঁৰ, নাও ! - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 11:25 AM IST

ASSAM FLOOD SITUATION : সমগ্র ৰাজ্যত বানৰ সংহাৰী ৰূপ । এখনৰ পাচত প্লাবিত হৈ পৰিছে আনখন গাঁও ৷ বানাক্ৰান্তৰ কাষত মন্ত্ৰী-বিধায়ক ৷ কলৰ ভূঁৰ, নাওৱেই হৈ পৰিছে যাতায়তৰ মাধ্যম ৷

Assam Flood 2024
সমগ্র ৰাজ্যত বানৰ সংহাৰী ৰূপ (ETV Bharat Assam)

নিউজ ডেস্ক, 2 জুলাই :চলিত বছৰৰ দ্বিতীয়টো বানে ৰাজ্যত ক্ৰমাৎ গ্ৰহণ কৰিছে জটিল ৰূপ । আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ ৷ কেবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বানত প্লাবিত হৈ পৰাৰ পিচত জলবন্দী হৈ পৰিছে বহু পৰিয়াল ৷ পশুধন, শস্যভূমিৰ বিস্তৰ ক্ষতি ৷

সমগ্র ৰাজ্যত বানৰ সংহাৰী ৰূপ (ETV Bharat Assam)

কলিয়াবৰৰ বান পৰিস্থিতি

কলিয়াবৰৰ বৰঘুলিতো অব্যাহত আহাৰৰ বানৰ তাণ্ডৱ । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ওফন্দি উঠাৰ পৰিপ্ৰেক্ষিতত বানৰ কবলত পৰিছে কলিয়াবৰৰ 2 নং আৰু 3 নং বৰঘূলী । ব্ৰহ্মপুত্ৰ বাঢ়নী পানীত প্লাৱিত হৈ পৰিছে বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল । সোমবাৰে ৰাজ্যৰ মন্ত্ৰী তথা স্থানীয় বিধায়কে কলিয়াবৰৰ বৰঘূলী অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয় । পানীত ডুব গৈছে নৈপৰীয়া লোকৰ বাসগৃহ, বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতি-পথাৰ ।

বানাক্ৰান্তৰ কাষত মন্ত্ৰী-বিধায়ক (ETV Bharat Assam)

বাঢ়নী পানীত বুৰ গৈছে বিঘাই বিঘাই কৃষিভূমি । শস্যপথাৰ নষ্ট হোৱাৰ ফলত হতাশাত ভাগি পৰিছে বানাক্ৰান্ত কৃষক ৷ গৰু-ছাগলী, হাঁহ-কুকুৰা লৈ ওখ ঠাইলৈ ৰাওনা হৈছে নৈপৰীয়া ৰাইজ । মানুহ-পশুধনে একেলগে আশ্ৰয় ল’বলগীয়া পৰিছে মথাউৰিত ।

আনহাতে, জলসম্পদ বিভাগৰ অভিযন্তা-বিষয়াৰ উপস্থিতিত নিশা কলং শ্লুইচগেট পৰ্যবেক্ষণ কৰে মন্ত্ৰী কেশৱ মহন্তই । কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ এটা সজাতি দলে হাতীমূৰাৰ শ্লুইচ গে'টস্থলী পৰিদৰ্শন কৰি বিভাগীয় হেমাহিৰ অভিযোগ তোলাৰ পাছতেই মন্ত্ৰী কেশৱ মহন্তই নিশা বিষয়টোৰ বুজ ল'বলৈ উক্ত স্থানত উপস্থিত হয় ৷

বানাক্ৰান্তৰ কাষত স্থানীয় বিধায়ক (ETV Bharat Assam)

ইয়াৰ পাচতে এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "কলং শ্লুইচগেটত কোনো কাৰিকৰী বিসংগতি হোৱা নাই । এই পৰ্যন্ত শ্লুইচগেট মুকলি কৰা নাই । কলং এতিয়াও বোৱতী হোৱা নাই ।" বিভিন্ন সময়ত ভিন্নজনে কৰা মন্তব্যত ৰাইজক ভীতিগ্ৰস্ত নহ’বলৈ, ভয়-শংকা নকৰিবলৈ আহ্বান জনায় মন্ত্ৰী কেশৱ মহন্তই ৷

ডিব্ৰুগড় চহৰৰ বান পৰিস্থিতি

গুৱাহাটী পৌৰ নিগমৰ পিছতে দ্বিতীয়খন পৌৰ নিগম হিচাপে স্বীকৃতি দিয়া হ'ল ডিব্ৰুগড় পৌৰ নিগমক । ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে স্বীকৃতি পোৱা ডিব্ৰুগড় আজি পাঁচদিন ধৰি পানীৰ তলত । নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া ভয়ংকৰ কৃত্ৰিম বানৰ কবলত পৰিছে সমগ্ৰ ডিব্ৰুগড় চহৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চল । 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ঠায়ে ঠায়ে বুৰ গৈছে পানীত ।

মুখ্যমন্ত্রীৰ নিৰ্দেশত ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ পৰিস্থিতিৰ বুজ ল'বলৈ সোমবাৰৰ সন্ধিয়া ডিব্ৰুগড়ত উপস্থিত হয় ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । ডিব্ৰুগড়ৰ ৰাজপথত একাঁঠু পানীত নামি চহৰখনৰ জলমগ্ন অঞ্চলসমূহ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কয়, "চেঁচা নদীয়েদি ডিব্ৰুগড় চহৰৰ পানীখিনি ওলাই যায়, কিন্তু বৰ্তমান নেৰানেপেৰা বৰষুণৰ ফলত চেঁচা নদীও ওফন্দি পৰিছে ৷ যাৰ বাবে পানী ওলাই যাব নোৱাৰি চহৰখন প্লাৱিত হৈ পৰিছে । ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে অধিক তৎপৰতাৰে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে । বৰষুণ কমিলে ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিস্থিতি নিয়ন্ত্ৰণ হ'ব ।"

ডিব্ৰুগড়ৰ এই ভয়ংকৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত ডিব্ৰুগড় জিলা প্ৰশাসন, পৌৰ নিগম আৰু ডিব্ৰুগড়ৰ বিধায়কৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ।

সমগ্র ৰাজ্যত বানৰ সংহাৰী ৰূপ (ETV Bharat Assam)

শিৱসাগৰ জিলাৰ বান পৰিস্থিতি

উজনিৰ শিৱসাগৰ জিলাত জলবন্দী হৈ পৰিছে তিনি সহস্ৰাধিক পৰিয়াল । জিলাখনৰ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে এক বৃহৎ অঞ্চল প্লাবিত কৰি পেলাইছে । বানত আক্ৰান্ত হোৱা অঞ্চলসমূহত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ । শিৱসাগৰ জিলাৰ দিখৌ নদীৰ বিভিন্ন অংশত মথাউৰিৰ ওপৰেৰে ইতিমধ্যে পানী বাগৰা আৰম্ভ হৈছে ।

শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমস্থলীত অৱস্থিত শৰাগুৰি চাপৰিত এতিয়া হাহাকাৰ অৱস্থা । তিনিখনকৈ নদী-উপনদীৰ সংগমস্থলীত অৱস্থিত ঐতিহাসিক শৰাগুৰি চাপৰিৰ প্ৰায় তিনি শতাধিক পৰিয়াল হৈ পৰিছে জলবন্দী । প্ৰতিঘৰ লোকেই এতিয়া বানৰ কবলত ।

অৱশ্যে বৰ্তমান পৰ্যন্ত বানাক্ৰান্ত এলেকাবোৰত উপস্থিত হোৱা নাই জিলা প্ৰশাসনৰ লোক ৷ বিগত দুদিন ধৰি অনাহৰে-অনিদ্ৰাই দিন কটোৱা শৰাগুৰি চাপৰিৰ বানাক্ৰান্ত লোকসকলৰ এতিয়া যাতায়াতৰ একমাত্ৰ ভৰষাস্বৰূপ হৈ পৰিছে নাওখন ।মজুত ৰখা খাদ্য সামগ্ৰী ক্ৰমাৎ হ্ৰাস পোৱাৰ ফলত চিন্তিত হৈ পৰিছে শৰাগুৰিবাসী । এলেকাটোৰ প্ৰতিটো ঘৰ-বাৰী, স্বাস্থ্যকেন্দ্ৰ, শিক্ষানুষ্ঠান বানত ডুব গৈছে ।

লখিমপুৰ জিলাৰবান পৰিস্থিতি

বানৰ কবলত পৰা ঘূনাসুঁতিত কলৰ ভূৰেই হৈছে যাতায়তৰ মাধ্যম । বান প্ৰভাবিত লখিমপুৰ জিলাৰ বিভিন্ন স্থানত এতিয়া বানাক্ৰান্ত সন্মুখীন হৈছে ভয়াৱহ পৰিস্থিতিৰ । দুই শতাধিক গাঁৱৰ লগতে বিঘাই বিঘাই কৃষিভূমি এতিয়া পানীৰ তলত ।

সমগ্র ৰাজ্যত বানৰ সংহাৰী ৰূপ (ETV Bharat Assam)

জিলাখনৰ বিভিন্ন স্থানৰ লগতে প্ৰবল বানৰ কবলত পৰিছে ঐতিহাসিক ঘূনাসুঁতি । ঘূনাসুঁতি তপানীৰ তলত আছে বহুত গাঁও । চন্দ্ৰপুৰ, বালিভেটা, 1 নং নাহৰণী, 2 নং নাহৰণি, কলীয়নী উৰীয়ামতলা, মাধৱপুৰ, শগুনখোৱা আৰু বৰ চাপৰি বৰ্তমান পানীৰ কবলত । জানিব পৰা মতে, সোৱণশিৰি প্ৰকল্পৰ পৰা এনএইচপিচিয়ে পানী এৰি দিয়াৰ ফলত ঘূনাসুঁতিত বানৰ প্ৰকোপ বৃদ্ধি হৈছে ।

ঘূনাসুঁতিৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত পৰিলক্ষিত হৈছে একেই দৃশ্য । সোমবাৰে জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি জিলাখনৰ 220 খন গাঁও বানৰ কবলত পৰিছে । জিলাখনৰ সাতটা ৰাজহ চক্রৰ 220 খন গাঁও জলমগ্ন হৈছে ।

প্ৰশাসনৰ তথ্য মতে, সোৱণশিৰি ৰাজহ চক্রত 18 খন, লখিমপুৰ ৰাজহ চক্রত 71 খন, ঢকুৱাখনা ৰাজহ চক্রত 6 খন, কদম ৰাজহ চক্রত 9খন, নাওবৈচা ৰাজহ চক্রত 36 খন, বিহপুৰীয়া ৰাজহ চক্রত 49 খন আৰু নাৰায়ণপুৰ ৰাজহ চক্রত 31 খন গাঁও বানৰ কবলত পৰিছে । বানৰ কবলত পৰা ৰাজহ চক্রকেইটাত ক্ষতিগ্রস্ত হৈছে 1 লাখ 13 হেজাৰ 983 জন লোক । ক্ষতিগ্ৰস্ত হৈছে 97 হাজাৰ হাঁহ কুকুৰা আদি বিভিন্ন পশুধন ৷

জোনাইৰ বান পৰিস্থিতি

জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ যোৱা কেবাদিনো ধৰি দি থকা বৰষুণৰ ফলত জোনাই মহকুমাৰ শতাধিক গাঁও বাঢ়নী পানীৰ তলত ৷ বহু পৰিয়ালসহ ঘৰ- দুৱাৰ, হাজাৰ হাজাৰ বিঘা খেতিপথাৰ, বাট-পথ সকলো পানীৰ তলত ৷

ব্ৰহ্মপুত্ৰ, চিয়াং, লালীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে মহকুমটোৰ সকলো চৰ-চাপৰি, নৈপৰীয়া অঞ্চল ৷ এইবাৰ বানত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিৱগুৰি অঞ্চলটো ৷ বানপীড়িত লোকসকলক মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি আশ্ৰয় শিবিৰলৈ লৈ গৈছে ৷ বানাক্ৰান্ত ৰাইজৰ খবৰ ল’বলৈ সোমবাৰে জোনাইত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থা আৰু সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এটি সজাতি দল ৷

জোনাই মহকুমাৰ মালভোগ, শান্তিপুৰ, ৰাভা কাঠনি, বেৰা চাপৰি আদি কেবাখনো বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি জাতীয় সংগঠন দুটাই ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় ৷ লগতে বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

মাজুলীৰ বান পৰিস্থিতি

উন্নত হোৱা নাই মাজুলীৰ পৰিস্থিতি ৷ সোমবাৰে জুগুনিধাৰি মথাউৰি ব্ৰহ্মপুত্ৰৰ পানীয়ে উটুৱাই নিয়াৰ পাছত আজিও চিগা অংশৰে তীব্ৰ গতিত মাজুলীৰ ভিতৰভাগলৈ পানী সোমাই আছে । কেইবাটাও পশুধন পানীত উটি যোৱাৰ লগতে কেবাটাও মানুহৰ ঘৰ উটুৱাই নিয়ে পানীয়ে ।

ছিগা গোটেই অংশটো নদীয়ে দ’কৈ খান্দি পেলাইছে বুলি জনায় স্থানীয় লোকে । পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে আউনীআটি সত্ৰলৈ ভাবুকি আহি পৰিব বুলি আশংকা ব্যক্ত কৰিছে বহুলোকে ।

উক্ত ছিগা অংশত সোমবাৰে উপস্থিত হয় বিধায়ক ভূৱন গাম । উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বিধায়কগৰাকীয়ে । সংবাদ মাধ্যমক সম্বোধন কৰি বিধায়কগৰাকীয়ে কয়, "আজি বান পৰিস্থিতিৰ বুজ ল’বলৈ মাজুলীত উপস্থিত হ’ব জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । সমগ্ৰ বান পৰিস্থিতিৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰা হ’ব ৷ ক্ষতিগ্ৰস্ত পৰিয়ালবোৰলৈ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব ।"

লগতে পঢ়ক:ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ; মৃতকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি - Assam flood 2024

মাজুলীত হাহাকাৰ : সোমবাৰে নিশা ছিগিল মথাউৰি - Assam Flood 2024

চৌদিশে বানৰ বিভীষিকা : জোনাইত দুজনৰ মৃত্যু, দেৰগাঁৱত সন্ধানহীন এজন - ASSAM FLOOD 2024

কাজিৰঙাৰ বানাক্ৰান্ত জীৱ-জন্তুক সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ-আৰক্ষীৰ বিশেষ সতৰ্কতা - Assam Floods 2024

ফোনতেই অসমৰ বানৰ বুজ ল’লে মোদী-শ্বাহে : সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীক - Flood in Assam

প্ৰবল বানৰ কবলত লখিমপুৰ জিলা : স্থগিত জিলা আয়ুক্ত সন্মিলন - Assam floods 2024

ABOUT THE AUTHOR

...view details