মৰাণ, ৯ জুলাই : ‘‘আপুনি কিয় আহিছে ? আমাক খবৰ ল’বলৈ আহিছে, কি আনিছে ? এডাল ম’মবাতি, এটা ধূপৰ পেকেট ৷ ৰ’ৱ সেইকেইটা বস্তু মই কিনি দিওঁ, আপুনি লৈ গুচি যাওক...হ’বনে ?’’ আপুনি হয়তো ভাবিছে এয়া কি ? ধাৰাবাহিক নে নাটকৰ সংলাপ ! প্ৰকৃততে আমি উল্লেখ কৰা এয়া ধাৰাবাহিক অথবা নাটকৰ সংলাপ নহয়, এয়া হৈছে বন্যাৰ্তৰ খবৰ নোলোৱা বিধায়কৰ বিৰুদ্ধে ৰাইজৰ মনৰ ক্ষোভ ৷
জানিব পৰা মতে, সোমবাৰে বিয়লি খোৱাং সমষ্টিৰ কলাখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত দিহিং থান গাঁৱৰ বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ গৈছিল বিধায়ক চক্ৰধৰ গগৈ ৷ কিন্তু দশা বেয়া আছিল বিধায়ক গগৈৰ ৷ খবৰ ল’বলৈ যোৱা ৰাইজৰ ৰোষত পৰিল বিধায়কগৰাকী । কিয়নো বানক্ৰান্ত ৰাইজে বিগত এটা সপ্তাহে কোনো ধৰণৰ বান সাহাৰ্য লাভ কৰা নাই ৷ যাৰ বাবে বন্যাৰ্তই জবাবদিহি কৰিলে বিধায়ক গগৈক ।
বিধায়কগৰাকীয়ে বানাক্ৰান্ত ৰাইজলৈ কেৱল ম’মবাতি আৰু ম’হ মৰা ধূপ লৈ যোৱাত অধিক ক্ষোভিত হৈ পৰে বানাক্ৰান্ত ৰাইজ । বানাক্ৰান্ত ৰাইজক অশেষ বুজনি দিও তেওঁ কোনো লোককে শান্ত কৰিব নোৱাৰিলে ৷ ফলত ৰাইজৰ এই ৰুদ্ৰ মূৰ্তি দেখি অঞ্চলটোৰ পৰা নিজেই আঁতৰি যাবলৈ বাধ্য হ’ল বিধায়ক চক্ৰধৰ গগৈ ৷
লগতে পঢ়ক :নিৰূপায় বন্যাৰ্ত; নাৱত আহিছে ভকত, পথৰ ওপৰতে পুত্ৰই পাতিলে পিতৃৰ আদ্যশ্ৰাদ্ধ - Assam Flood 2024