গুৱাহাটী, ১৪ মে:অহা ১৬ মে' ৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা । ১৬ মে'ৰ পৰা ২৫ মে'লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ৩৭০৮ গৰাকী হজযাত্রী মক্কা আৰু মদিনালৈ ৰাওনা হ'ব । ইয়াৰ ভিতৰত পুৰুষ হজযাত্রী সংখ্যা ২৬৩২ জন আৰু মহিলা হজযাত্রীৰ সংখ্যা হৈছে ১২৮৪ গৰাকী । ১৬ মে' ৰ পৰা আৰম্ভ হ'বলগীয়া এই যাত্ৰাৰ বিষয়ে মঙলবাৰে হাজী মুছাফিৰখানাত সংবাদমেল সম্বোধন কৰি সদৰী কৰিলে যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে ।
আজি যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে সংবাদমেলত কয়, "হজযাত্ৰাৰৰ বাবে এইবাৰ ৩৯৩৭ জনে আবেদন কৰিছিল যদিও তাৰ ভিতৰত ৩৭০৮ যাত্ৰীয়ে যাবলৈ সাজু হৈছে । ১৬ মে'ত ইয়াৰে প্ৰথমটো দলটো গুৱাহাটী বিমান বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব । প্ৰতিদিনে এখনকৈ বিমানত ৩২৪ গৰাকীকৈ যাত্ৰীয়ে যাত্ৰা কৰিব । ১৯-২০ মে'ত দুখনকৈ বিমান যাব । যাত্ৰীসকলক তদাৰক কৰিবলৈ ১৯ গৰাকী কৰ্মচাৰী প্ৰেৰণ কৰা হৈছে ।" তদুপৰি ১০ জনীয়া চিকিৎসকৰ দল প্ৰেৰণ কৰা হ'ব বুলিও কয় যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে ।