অসম

assam

ETV Bharat / state

ৰাজ্যৰ ২৭খন জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ - ASSAM PANCHAYAT ELECTION

ৰাজ্যৰ ২৭খন জিলাত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটাৰ তালিকা চূড়ান্ত কৰিছে ।

Panchayat polls in Assam for 2025.
প্ৰতিনিধিত্বমূলৰ ফটো (ANI)

By ETV Bharat Assamese Team

Published : Dec 29, 2024, 5:53 PM IST

গুৱাহাটী: দিন নিৰ্ধাৰণ হোৱা নাই যদিও পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ । ৰাজ্যৰ ২৭ খন জিলাত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা । ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা ।

চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে ১,৮০,১৪,৯১৩ গৰাকী ভোটাৰৰ নাম । ইয়াৰ ভিতৰত ৯০,৬০,৬৪০জন পুৰুষ ভোটাৰ আৰু ৮৯,৫৩,৮৬৫ গৰাকী মহিলা ভোটাৰ । আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে ৪০৮ গৰাকী । ২৭ খন জিলাৰ ৩৯৭টা জিলা পৰিষদ, ১৮১খন আঞ্চলিক পঞ্চায়ত, ২,১৯২ খন গাঁও পঞ্চায়ত আৰু ২১,৯২০ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । ৰাজ্যৰ মুঠ ২৪,৮৮৪টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ।

পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ (ETV Bharat Assam)

লক্ষণীয় বিষয় যে সীমা পুনৰ নিৰ্ধাৰণৰ পিছত নতুন ৰূপত হ'ব পঞ্চায়ত নিৰ্বাচন । ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ কুচ-কাৱাজ । শাসক-বিৰোধী উভয়ে নিজা নিজা ৰণকৌশলৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে । এইবাৰ নতুন চাৰিসীমাৰে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নির্বাচনত প্ৰথমবাৰৰ বাবে নাথাকিব দলীয় প্রতীকচিহ্ন । অৱশ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্রতীকচিহ্ন থাকিব ।

আনহাতে ই ভি এমৰ অভাৱত পূৰ্বৰ দৰেই এইবাৰো বেলট পেপাৰতে নির্বাচন অনুষ্ঠিত হ'ব । এইবাৰ আগৰ দৰে পঞ্চায়ত সভাপতিৰ পদৰ বাবে প্ৰত্যক্ষ নির্বাচন নহয় । গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যই নির্বাচন কৰিব পঞ্চায়ত সভাপতিগৰাকীক । ইতিমধ্যে জিলাই জিলাই নতুন চাৰিসীমাৰে নতুন গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠন কৰা হৈছে ।

নতুন প্ৰক্ৰিয়াৰে পঞ্চায়ত, জিলা পৰিষদ গঠন কৰাৰ ফলত ক'ৰবাত যদি পঞ্চায়ত বিলুপ্তি হৈছে আন ক'ৰবাত আকৌ নতুন পঞ্চায়ত সৃষ্টি হৈছে । ক'ৰবাত যদি জিলা পৰিষদ হ্ৰাস হৈছে, আন ক'ৰবাত ক'ৰবাত জিলা পৰিষদ বৃদ্ধি হৈছে । ইফালে পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলক ব্যয়ৰ ক্ষেত্রত ৰাজ্যিক নির্বাচন আয়োগে যথেষ্ট সকাহ দিছে । কাৰণ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰয়োজনীয় সামগ্রী, যান-বাহনৰ ভাৰা পূৰ্বৰ তুলনাত বহু পৰিমাণে বৃদ্ধি হৈছে । যাৰ বাবে প্ৰাৰ্থীৰ ব্যয় ২০১২ চনত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনতকৈ যথেষ্ট ব্যয় বৃদ্ধি কৰিছে ৰাজ্যিক নির্বাচন আয়োগে ।

বিগত ২০১২ চনত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ এজন প্ৰাৰ্থীৰ সৰ্বাধিক ব্যয় কৰাৰ সীমা আছিল ৪ লাখ টকা । ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা জাননী অনুসৰি এইবাৰ এগৰাকী জিলা পৰিষদৰ সদস্যই সৰ্বাধিক ১০ লাখ টকা নির্বাচনী ব্যয় কৰিব পাৰিব । সেইদৰে সংশোধিত নির্বাচনী ব্যয় অনুসৰি আঞ্চলিক পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীয়ে এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক ২.৫ লাখ টকা ব্যয় কৰিব পাৰিব । আগৰ ব্যয়ৰ নিৰিখ আছিল ১ লাখ টকা । ইফালে গাঁও পঞ্চায়তৰ এজন সদস্যই আগতে সৰ্বাধিক ১০ হাজাৰ টকা নিৰ্বাচনী ব্যয় কৰিব পাৰিছিল । এইবাৰ ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰা হৈছে ২৫ হাজাৰ টকালৈ ।

লগতে পঢ়ক:ভোটগণনাৰ পূৰ্বে মাৰপিট; পুনৰ বিতৰ্কত অসম সাহিত্য সভা

ABOUT THE AUTHOR

...view details