তিনিচুকীয়া: নাৰী সুৰক্ষাক লৈ সততে ৰাজপথত শ্ল’গান দিয়া হয় যদিও সেয়া কিমানদূৰ সফল হৈছে তাক লৈ চৰ্চা অব্য়াহত । কেইমাহমান পূৰ্বে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত দেশজুৰি নাৰী সুৰক্ষাৰ বাবে ৰাজপথত গঢ়ি উঠিছিল আন্দোলন । কিন্তু চিকিৎসাখণ্ডৰ একাংশ ব্যক্তিগত প্ৰতিষ্ঠানত মালিকৰ হাততে এতিয়া যেন সুৰক্ষিত নহয় মহিলা কৰ্মচাৰী ।
তিনিচুকীয়াৰ এখন ডায়েগ্নষ্টিক চেণ্টাৰৰ মালিকৰ বিৰুদ্ধে উঠিছে মহিলা কৰ্মচাৰীক অশ্লীল ইংগিত দিয়াৰ গুৰুতৰ অভিযোগ । তিনিচুকীয়া চহৰৰ ৰঙ্গাগড়া পথত থকা অসম হেল্থকেয়াৰ ডায়েগ্নষ্টিক চেণ্টাৰ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী প্ৰেম শৰ্মাৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ । তিনিচুকীয়াৰ সমীপৱৰ্তী এগৰাকী মহিলা কৰ্মচাৰীক কৰ্মৰত সময়ত প্ৰেম শৰ্মাই অশ্লীল ইংগিত, অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উঠিছে ।
লগতে দেওবাৰে মহিলাগৰাকীৰ ঘৰত গৈ ৰিতুৰাজ বৰঠাকুৰ, প্ৰেম শৰ্মাসহ তিনিগৰাকী ব্যক্তিয়ে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ।