অসম

assam

ETV Bharat / state

ঘাট মাউৰা তিনি ভাতৃ-ভগ্নীৰ কৰুণ জীৱন গাঁথা - Tragic incident - TRAGIC INCIDENT

Pathetic story in Golaghat: দৰিদ্ৰতাই কোঙা কৰা নিঠৰুৱা তিনি সন্তানে বিচাৰে জীয়াই থকাৰ কিঞ্চিত সহায় । চৰকাৰৰ কৃপা দৃষ্টি পৰিব নে ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰালৈ আহ্বান এই তিনিটা সন্তানৰ প্ৰতি কৃপা সৃষ্টি কৰিবলৈ ।

Pathetic story in Golaghat
নুঘুৰা হৈছে তিনিটি ভাতৃ-ভগ্নীৰ জীৱন চকৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 9:00 PM IST

গোলাঘাট, ২০ জুলাই: পিতৃয়েই আছিল মাতৃহীনা সন্তান তিনিটিৰ জীয়াই থকাৰ একমাত্ৰ ভৰষা । কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে কোনোমতে চলিছিল পিতৃসহ তিনিটি সন্তানৰ জীৱন চকৰী । দিন হাজিৰা কৰি তিনি সন্তানক পোহপাল দিছিল জান শইকীয়াই । কিন্তু হঠাতে পৰিয়ালটোলৈ নামি আহিল অমানিশা । এক পথ দুৰ্ঘটনাত আকস্মিকভাৱে চিৰদিনৰ বাবে তিনিটি সন্তানক অকলশৰীয়া কৰি থৈ গ'ল জান শইকীয়াই । একেবাৰে নিঠৰুৱা হৈ পৰিল মাতৃহীনা দৰিদ্ৰ পৰিয়ালৰ তিনিটা সন্তান ক্ৰমে জুনমণি শইকীয়া, সন্ধ্যামণি শইকীয়া আৰু জিন্টু শইকীয়া ।

নুঘুৰা হৈছে তিনিটি ভাতৃ-ভগ্নীৰ জীৱন চকৰী (ETV Bharat Assam)

গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰ ৰঙামাটি গাঁৱৰ জান শইকীয়া নামৰ দৰিদ্ৰৰ সীমাৰেখাৰ তলৰ লোকজন যোৱা ১৩ জুলাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাদুলিপাৰৰ সমীপত এখন বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ৷ তেওঁক ততাতৈয়াকৈ চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয়তে নিশালৈ মৃত্যুক আকোঁৱালি লয় জান শইকীয়াই ।

পূৰ্বতে মাকক হেৰুওৱা তিনিটা সন্তান নিঠৰুৱা হৈ পৰিল । দিকবিদিক হেৰুৱাই সন্তান তিনিটাই ভাত মুঠি খোৱাত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে অধ্যয়নৰ দিশত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । সুখ্যাতিৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সন্ধ্য়ামণি শইকীয়াক ভোলাগুৰি আদৰ্শ বিদ্যাপীঠে দায়িত্ব গ্ৰহণ কৰি মহানুভৱতা প্ৰদৰ্শন কৰিছে ৷ দৰিদ্ৰতাত ককবকাই থকা এই নিঃকিন পৰিয়ালটোক সকাহ দিয়াৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা, গোলাঘাট জিলা প্ৰশাসন তথা চৰকাৰে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক:গ্ৰীষ্ম বন্ধৰ আনন্দ ল'বলৈ আহি হেৰুৱালে প্ৰাণ - Students Death By Drowning

ABOUT THE AUTHOR

...view details