অসম

assam

ETV Bharat / state

২০ কিলোমিটাৰ ঠেলাত কঢ়িয়ালে মৃতদেহ

দুই লাখ জনসাধাৰণৰ একমাত্ৰ ভৰসা এখন স্বৰ্গৰথ । তাকো নচলে ভালদৰে ।

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 3:02 PM IST

Majuli Poor Ambulance service
২০ কিলোমিটাৰ ঠেলাত কঢ়িয়ালে মৃতদেহ (ETV Bharat)

মাজুলী, ১৪ অক্টোবৰ: স্বাস্থ্য়খণ্ডত অভূতপূৰ্ব উন্নয়ন হোৱা বুলি চৰকাৰে দাবী কৰাৰ সময়তেই ঠেলাত কঢ়িয়াবলগীয়া হৈছে মৃতদেহ । তাকো এক বা দুই কিলোমিটাৰ নহয়, ২০ কিলোমিটাৰ ঠেলাত কঢ়িয়ালে মৃতদেহ । চিকিৎসালয়ৰ পৰা মৃতদেহ ঘৰলৈ অনাৰ সময়তেই বিপদে লগ এৰা নিদিয়া এটা দুৰ্ভগীয়া পৰিয়ালৰ এই ছবিখনে প্ৰতিফলিত কৰিছে স্বাস্থ্য়খণ্ডত হোৱা উন্নয়নৰ স্বৰূপ ।

সত্ৰপীঠ মাজুলীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । ঘটনা অনুসৰি যোৱা দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত চামগুৰি বনিয়া গাঁৱৰ দীপালী সেনাপতি নামৰ এগৰাকী মহিলাক ১০৮ সেৱাৰে গড়মূৰ জিলা চিকিৎসাললৈ নিয়া হৈছিল । গড়মূৰ চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছত এম্বুলেঞ্চখনৰ ওপৰতে চিকিৎসকে পৰীক্ষা কৰি মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে ।

স্বাস্থ্য়খণ্ডৰ উন্নয়নৰ স্বৰূপ (ETV Bharat Assam)

নিশা গড়মূৰ জিলা চিকিৎসালয়ৰ পৰা দীপালী সেনাপতিৰ মৃতদেহ ঘৰলৈ অনাৰ সময়তেই পাঁচ কিলোমিটাৰ অহাৰ পাছত পথত বিকল হয় স্বৰ্গৰথ । নিশা ১২.৩০ বজাত সংঘটিত হয় এই ঘটনাটো । স্বৰ্গৰথ বিকল হোৱাত প্রায় ২০ কিলোমিটাৰ দূৰৰ চামগুৰি বনিয়া গাঁৱৰ পৰা পৰিয়ালৰ লোকে এখন ঠেলা নি ঘৰলৈ আনিব লগা হয় মহিলাগৰাকীৰ মৃতদেহ ।

দুৰ্ভগীয়া মহিলাগৰাকীৰ পৰিয়ালৰ লোকে নিশাই গড়মূৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল যদিও কোনো সুফল লাভ নকৰিলে । দুই লাখ জনসাধাৰণৰ আজিৰ তাৰিখত একমাত্ৰ ভৰসা মৃতদেহ কঢ়িওৱা এখন স্বৰ্গৰথ । ফলত মাজুলীত এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হয় ।

নিশা মৃতদেহ ৰাজপথত ৰাখি ২০ কিলোমিটাৰ দূৰৰ পৰা ঠেলাৰ ব্যৱস্থা কৰি মৃতদেহ আনিব লগা হোৱা ঘটনাই সমগ্ৰ মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পৰিয়াল তথা আত্মীয়ই চৰকাৰে মাজুলীবাসীৰ সুবিধা হোৱাকৈ অতি কমেও তিনিখন স্বৰ্গৰথৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:মঙলদৈৰ ছাত্ৰ হত্যাকাণ্ড; নিমাওমাও পৰিৱেশ মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত - Students Murder in Sipajhar

ঘাট মাউৰা তিনি ভাতৃ-ভগ্নীৰ কৰুণ জীৱন গাঁথা - Tragic incident

ABOUT THE AUTHOR

...view details