বিহপুৰীয়া, 15 ফেব্ৰুৱাৰী :নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন অভিযান । নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে বুধবাৰে নৈশ বাছত বিহপুৰীয়া আৰক্ষীয়ে চলায় অভিযান । বিহপুৰীয়াত নৈশ বাছৰ পৰা নকল সোণৰ নাৱৰ টুকুৰাসহ জব্দ কৰে হয় ৷ নকল সোণৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্তক ৷ অভিযুক্ত কেইটা ক্ৰমে গুলজাৰ হুছেইন, আব্দুল আলম, তৈয়বুৰ ৰহমান বুলি জানিব পৰা গৈছে ।
ধৃত তৈয়বুৰৰ ঘৰ ২ নং সোণাপুৰ আৰু গুলজাৰৰ ঘৰ মহঘুলিত । ধৃত তিনি অভিযুক্তই নকল সোণ লৈ গুৱাহাটীলৈ যাত্ৰা কৰিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে । জানিব পৰা মতে, এটা পৰিয়ালক ৩ লাখ টকাত নকল সোণখিনি দি প্ৰৱঞ্চনাৰ পৰিকল্পনা কৰিছিল ধৃত দলটোৱে । বুধবাৰে নিশাই ধৃত দলটোক লগত লৈ বিহপুৰীয়া আৰক্ষীয়ে মহঘুলি, ২ নং সোণাপুৰত তীব্ৰ অভিযান চলায় ।
উল্লখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই লখিমপুৰত চলি থকা এই ভয়াৱহ অন্ধকাৰ জগতখনৰ কথা পোহৰলৈ আনিছিল । তেতিয়াই এই অন্ধকাৰ জগতখন উৎখাত কৰিবলৈ আৰক্ষী বিষয়া আনন্দ মিশ্ৰক ততাতৈয়াকৈ লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে নিয়োগ কৰা হৈছিল । আনন্দ মিশ্ৰৰ যোগদানৰ পাচতে এই ক’লা সাম্ৰাজ্যখনত কঁপনি উঠিছিল ।