গুৱাহাটী, 20 মে’:বিগত ১৬ মে’ৰ পৰা ১৮ মে' লৈ কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱসৰ লগত সংগতি ৰাখি এখনি প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায় । ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ (INTACH) ৰ ৪০ সংখ্যক বৰ্ষপূতি উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগে আয়োজন কৰা প্ৰদৰ্শনীখনত মানৱ জাতিৰ ক্ৰমবিকাশ আৰু জীৱন ধাৰণ প্ৰণালীকে আদি কৰি প্ৰস্তৰ যুগত ব্যৱহৃত সা-সঁজুলি, অস্ত্ৰ-শস্ত্ৰ, পোৰামাটিৰ ভাস্কৰ্য, হৰপ্পা সভ্যতাৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰে ।
প্ৰত্নতত্ত্ব বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা মৃৎ শিল্পসমূহ এই প্ৰদৰ্শনীখনৰ অন্য এক মুখ্য আকৰ্ষণ । কটন বিশ্ববিদ্যালয়ৰ প্ৰতি উপাচাৰ্য প্ৰফেচৰ গণেশ চন্দ্ৰ ৱাৰি আৰু পঞ্জীয়ক ড৹ অৰিন্দম গাৰ্গে উদ্বোধন কৰা প্ৰদৰ্শনীখনত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড৹ বেদান্ত বৰা, প্ৰফেচৰ শীলা বৰা, ড৹ জোনালী দেৱী, ড৹ সংগীতা গগৈ, ড৹ ফুকন চন্দ্ৰ বসুমতাৰী, ড৹ পূৰৱী ডেকা বসু, ড৹ সম্ৰাট বৰা আদিৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী ।
কিউৰেটৰ ড৹ মঞ্জিল হাজৰিকা, ড৹ ৰিতিকা চাহু আৰু জৌগাঠি বসুমতাৰীৰ তত্বাৱধানত প্ৰস্তুত কৰি উলিওৱা আৰু প্ৰত্নতত্ত্বৰ ব্যাৱহাৰিক জ্ঞানৰ লগতে জনসাধাৰণৰ মাজত বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এইবোৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা প্ৰদৰ্শনীখনত প্ৰস্তৰ যুগৰ সা-সঁজুলিৰ লগতে হৰপ্পা সভ্যতাৰ বিভিন্ন ভাস্কৰ্য আৰু প্ৰতিমূৰ্তি প্ৰদৰ্শন কৰা হয় ।