অসম

assam

লখিমপুৰ নগৰৰ সুৰক্ষা কৱচলৈ ভাবুকি কঢ়িয়াইছে ৰঙানদীয়ে - Erosion in Lakhimpur

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 12:45 PM IST

Erosion in Assam: লখিমপুৰ নগৰৰ সমীপতে থকা ৰঙানদীৰ মথাউৰিটোৰ কাষত সৃষ্টি হৈছে খহনীয়া । খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বেই সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজৰ দাবী ।

Erosion in Assam
ৰঙানদীৰ মথাউৰিৰ কাষতে খহনীয়া (ETV Bharat Assam)

লখিমপুৰ, ২৩ জুলাই: লখিমপুৰত ৰঙানদীৰ মথাউৰিৰ কাষতে খহনীয়া অব্য়াহত থকাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । যদিহে আগতীয়া প্ৰতিৰোধমূলক কোনো ব্যৱস্থা গ্রহণ কৰা নহয় তেতিয়াহ'লে লখিমপুৰ নগৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব । লখিমপুৰ নগৰৰ সমীপতে থকা ৩৬২ কেটি টকাৰে নিৰ্মাণ কৰা ৰঙানদীৰ বাঁওদিশৰ মথাউৰিটোৱে এক বৃহৎ অঞ্চলসহ লখিমপুৰ নগৰৰ সুৰক্ষা কৱচ স্বৰূপ হৈ আছে ৷

ৰঙানদীৰ মথাউৰিৰ কাষতে খহনীয়া (ETV Bharat Assam)

কিছু বছৰ পূৰ্বে বগলীজানৰ সমীপত মথাউৰিটো নদীখনে ছিঙি পেলোৱাত এক বৃহৎ অঞ্চলসহ লখিমপুৰ নগৰৰ সৰহভাগ এলেকা বুৰাই পেলাইছিল । পৰৱৰ্তী সময়ত উক্ত ছিগা অংশ মেৰামতি কৰাৰ লগতে জিঅ'মেট স্থাপন কৰি মথাউৰিটো সুৰক্ষিত কৰা হয় । সম্প্রতি এই মথাউৰিটোত পাঁচনৈ, বৰবিল আদি এলেকাত একাধিক স্থানত কিছু পৰিমাণে খহনীয়াৰ সৃষ্টি হৈছে । এনে খহনীয়াৰ পৰা মথাউৰিটোৰ দূৰত্ব ঠাই বিশেষে এক-দুই মিটাৰহে আছে ।

লগতে পঢ়ক:দুবছৰেই পীযুষ হাজৰীকাই পূৰণ নকৰিলে প্ৰতিশ্ৰুতি, ক্ষোভ আইতাৰ - Massive erosion of Jhanji river

এইবাৰ বৰষুণৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত এই খহনীয়াই ক্ৰমে জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে । বৰ্তমান যদিও খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা নাই তথাপি অহা কিছুদিনৰ ভিতৰতে খহনীয়াই মথাউৰিটোৰ প্ৰতি ভাবুকি অনাৰ আশংকা আছে । বৰ্তমান খহনীয়াই জটিল ৰূপ নধৰোতেই সুৰক্ষামূলক ব্যবস্থা গ্রহণ কৰি লখিমপুৰ নগৰসহ এক বৃহৎ অঞ্চলক সাম্ভাব্য দুৰ্যোগৰ পৰা সকাহ দিবলৈ স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগক আহ্বান জনাইছে । কিয়নো খহনীয়াৰ প্ৰকোপ বাঢ়িলে সুৰক্ষা ব্যৱস্থা অথলে যাব পাৰে ।

বিগত সময়ত তেনে খহনীয়া ৰোধিবলৈ বিভাগে মাহজুৰি চেষ্টা কৰিও বিফল হৈছিল । মথাউৰি ছিঙি ৰঙানদীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছিল । সম্প্রতি তেনে দুৰ্যোগৰ পুনৰাবৃত্তি নহ'বৰ বাবে স্থানীয় ৰাইজে জলসম্পদ বিভাগক সময় থাকোতেই সুৰক্ষা ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:ৰূপহীমুখক মংগল কৰক: গৰাখহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰক আগবঢ়ালে ভোগ - Brahmaputra River Erosion

লেকু নদীৰ ধ্বংসলীলা : শংকিত জোনাইবাসী - Leku River Erosion

ABOUT THE AUTHOR

...view details