গোলাঘাট: যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ এশটা কালজয়ী গীত তিনিটা প্ৰক্ৰিয়াৰে ইংৰাজীলৈ অনুবাদ সম্পূৰ্ণ হৈ উঠিছে । অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই জানিবলৈ দিছে এই কথা ।
মঙলবাৰে বোকাখাতৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড৹ সূৰ্যকান্ত হাজৰিকাই কয়,"সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাই তেখেতৰ গীতসমূহ বিভিন্ন ভাষালৈ অনুবাদ হোৱাটো বিচাৰিছিল আৰু তেখেত জীৱিত থকা অৱস্থাত আমি বিভিন্ন ধৰণে চেষ্টা কৰিছিলো । কিন্তু যিকোনো কাৰণত হৈ নুঠিল ।"