অসম

assam

ETV Bharat / state

কৰিমগঞ্জ-হাইলাকান্দিত বাঢ়নী পানীৰ ভয়ংকৰ ৰূপ - Assam flood - ASSAM FLOOD

Embankment cracks threaten : কৰিমগঞ্জৰ এটা বৃহৎ অঞ্চল বানৰ কবলত পৰিছে ৷ বানৰ ফলত বহু ঘৰ, বিদ্যালয়গৃহ বুৰ যোৱাৰ লগতে বহু অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ হাইলাকান্দিত ধলেশ্বৰী আৰু কাটাখাল নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

EMBANKMENT CRACKS THREATEN
জলবন্দী জনতা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:29 PM IST

কৰিমগঞ্জ, 29 মে’ : কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত দক্ষিণ কৰিমগঞ্জৰ এটা বৃহৎ অঞ্চল দুৰ্যোগ চহৰলৈ ৰূপান্তৰিত হৈছে ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিত লংগাই নদীত থকা দুৰ্লভপুৰৰ দুটা মথাউৰি, আচিমগঞ্জৰ মুৰৌৰা, বৰিগ্ৰামৰ ইলাছপুৰ গাঁও পঞ্চায়তৰ দুটা মথাউৰি ভাঙি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বানৰ ফলত বহু ঘৰ, বিদ্যালয়গৃহ বুৰ যোৱাৰ লগতে বহু অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷

বাঢ়নী পানীয়ে লৈছে ভয়ংকৰ ৰূপ (ETV BHARAT ASSAM)

বহু লোকে ঘৰ এৰি আন ঠাইত আশ্ৰয় লৈছে ৷ ইতিমধ্যে প্ৰশাসনে ইলাছপুৰ গাওঁ পঞ্চায়তত এটা আশ্ৰয় শিবিৰ মুকলি কৰিছে ৷ আজি জিলা আয়ুক্ত মৃদুল যাদৱে এই স্থান পৰিদৰ্শন কৰে ৷ জিলা আয়ুক্তগৰাকীয়ে বাৰিগ্ৰামৰ ইচাগঞ্জত দক্ষিণ কৰিমগঞ্জ আৰু লংগাই নদীৰ কেইবাটাও বিপজ্জনক অঞ্চল পৰিদৰ্শন কৰে ৷

ইফালে হাইলাকান্দিৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত নিসৰ্গ হিভাৰে সংবাদমেলযোগে আলোকপাত কৰে ৷ তেওঁ কয় যে জিলাখনৰ মূল নদী ধলেশ্বৰী আৰু কাটাখাল বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ যাৰ বাবে কাটলিচেৰা, লালা আৰু হাইলাকান্দি ৰাজহ চক্ৰৰ কিছু গাঁও বানত বুৰ গৈছে ৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ হাইলাকান্দি প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত বুলিও তেওঁ কয় ৷

ইতিমধ্যে দুটাকৈ সাহাৰ্য শিবিৰ স্থাপন কৰা হৈছে আৰু প্ৰশাসনৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য সামগ্ৰী উপলব্ধ বুলি সদৰী কৰে জিলা আয়ুক্তজনে ৷ ইতিমধ্যে সকলো জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কিছু নিষেধাজ্ঞাও আৰোপ কৰা হৈছে বুলি কয় তেওঁ ৷ মাটিজুৰি দলঙেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে ৷ ধাৰাসাৰ বৰষুণৰ বাবে মাটিজুৰিৰ কাটাখাল দলঙেৰে গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে ৷

লগতে পঢ়ক :কালিয়নী আৰু দৈগ্ৰোঙৰ ভয়ংকৰ ৰূপ : জন-জীৱনলৈ ভাবুকি - Daigrong And Kaliyoni River

ABOUT THE AUTHOR

...view details