নগাঁও,২৬ জুলাই: নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত বিগত ২৩ দিনে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা এটা ঢেকীয়াপতীয়াক আজিও বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই নগাঁও বন বিভাগ । নগাঁৱৰ জুৰীয়াৰ জেঙনি, পুঠিমাৰী, বলিকটীয়া আদি অঞ্চলত প্ৰায় এটা পষেকজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ পাচত এইবাৰ নগাঁৱৰ ধিং অঞ্চলত আশ্ৰয় গ্ৰহণ কৰি বাঘটোৱে আতংকিত কৰি আহিছে ধিংবাসীক ।
এইবাৰ বাঘটো কৰায়ত্ত কৰিবলৈ শুকুৰবাৰে অসমৰ বন বিভাগে সুন্দৰবনৰ পৰা আনিছে উন্নত প্ৰযুক্তিৰ জাল । সুন্দৰবনৰ পৰা অনা জালৰ সহায়তো বাঘটো কৰায়ত্ত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে অসমৰ বন বিভাগে । ৰাজ্যৰ বন বিভাগৰে এটা অভিজ্ঞতাসম্পন্ন দলে বাঘ কৰায়ত্ত কৰাৰ চেষ্টা অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে ।
ইয়াৰোপৰি নগাঁও বন বিভাগে বাঘটো কৰায়ত্ত কৰিবলৈ চাৰিটাকৈ পিঞ্জৰাৰ ব্যৱস্থা কৰা বুলিও জানিব পৰা গৈছে । আনকি আতংকৰ সৃষ্টি কৰা বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ বিশেষজ্ঞ চিকিৎসকৰ দল মজুত ৰখা বুলিও জনাই বন বিষয়াসকলে । কিন্তু বাঘটো কৰায়ত্ত অথৱা ট্ৰেংকুলাইজ কৰিবলৈ বিভাগে গ্ৰহণ কৰা কোনো এটা পদক্ষেপেই যেন লাভ নাই কৰা সফলতা, যাৰ বাবে অৱশেষত হাতীৰ সহায়তো জনাঞ্চলৰ পৰা বাঘ খেদি গাঁওবাসীক আতংকমুক্ত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে নগাঁও বন বিভাগে ।
দুটাকৈ হাতী আনি ধিঙৰ আঠগাঁৱৰ জংঘলত বাঘ বিচাৰি অভিযান আৰম্ভ কৰিছে বন বিভাগে । কিন্তু এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে বাঘটোৰ কোনো সন্ধানেই লাভ কৰা নাই বন বিভাগে । যাৰ বাবে আজিও বাঘৰ আতংকত ঘৰৰ পৰা ওলাব নোৱাৰা এক পৰিৱেশ অব্যাহত আছে ধিঙৰ আঠগাঁও অঞ্চলত ।