কাজিৰঙা :গণেশ পূজা উপলক্ষে সিদ্ধিদাতাৰ আশিস বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন্দিৰসমূহত ভিৰ দেখা গৈছে । ভক্তসকলে গণেশ পূজাত অংশগ্ৰহণ কৰিছে । কোনোৱে শৰাই আগবঢ়াইছে, কোনোৱে ধূপ-চাকি জ্বলাইছে । অৱশ্যে সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত । কিয়নো ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাৰ পৰিৱৰ্তে জীৱন্ত গণেশ অৰ্থাৎ গজৰাজৰ পূজা কৰা হৈছে । গণেশ পূজা উপলক্ষে কাজিৰঙাৰ পিলখানাত অনুষ্ঠিত হয় এই বিশেষ পূজা ।
কাজিৰঙাত হস্তী পূজা
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত প্ৰতি বছৰে দুবাৰকৈ গণেশ পূজা কৰা হয় ৷ প্ৰতি বছৰৰ নৱেম্বৰৰ ১ তাৰিখে হাতী ছাফাৰী আৰম্ভ হোৱাৰ প্ৰাকক্ষণত পূজা কৰা হয় । কাজিৰঙাৰ মিহিমুখত পৰম্পৰাগত হস্তী পূজাৰে প্ৰতি বছৰে আৰম্ভ কৰা হয় কাজিৰঙাৰ হাতী ছাফাৰী ৷ আনহাতে কাজিৰঙা বন বিভাগৰ পোহনীয়া হাতী আৰু বনৰীয়া হাতীৰ মংগল কামনা কৰি গণেশ পূজাৰ দিনাও কৰা হয় হস্তী পূজা ৷ পুৱাই হাতী ছাফাৰী কৰাৰ পাছত হাতীক গা ধুৱাই, সজাই-পৰাই লোৱা হয় ৷ তাৰ পাছতেই কঁহৰাৰ পিলখানাৰ নামঘৰত সেৱা-প্ৰাৰ্থনা কৰা হয় ৷ আয়তীসকলে নামঘৰত নাম-কীৰ্তন কৰে আৰু কাজিৰঙা বন বিভাগৰ হাতীসমূহক সেৱা কৰা হয় ৷ তাৰ পাছতেই নামঘৰৰ চৌদিশে হাতীকেইটাক প্ৰদক্ষিণ কৰোৱা হয় ৷
গণেশ চতুৰ্থীৰ দিনা কাজিৰঙাত ব্যতিক্ৰমী পূজা । (ETV Bharat) এই বিশেষ হস্তী পূজা সন্দৰ্ভত বন বিষয়া বিভূতিৰঞ্জন গগৈয়ে কয়, "প্ৰতি বছৰ আমি গণেশ চতুৰ্থীৰ দিনা গণেশ পূজা কৰো । আমাৰ বিভাগীয় ৩৩ টা হাতী আছে । তাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ ৬৫ টা হাতী আছে । লগতে বনৰীয়া হাতী আছে । সেয়ে সকলোৰে মংগল কামনা কৰি এই গণেশ পূজা অনুষ্ঠিত কৰো ।"
আনহাতে এই প্ৰদক্ষিণৰ অন্তত হাতীক কল-কুঁহিয়াৰ আদি খাবলৈ দিয়া হয় । বিভাগীয় হাতীৰ মাউতসকলে এই জীৱন্ত গণেশৰ পূজাত আগভাগ লয় ৷ লক্ষণীয় কথাটো হ'ল প্ৰতিবছৰে কাছেম আলী নামৰ হাতী মাউত এগৰাকীয়ে পূজাভাগত আগভাগ লোৱা দেখা যায় ৷ যিটোৱে সমাজৰ প্ৰতি এক বিশেষ বাৰ্তাও প্ৰেৰণ কৰে । ইছলামধৰ্মীৰ লোক হৈয়ো গণেশ পূজাত আগভাগ লৈ কাছেম আলীয়ে কয়, "মইয়ে পূজাখনত বেছি গুৰুত্ব দিও । সকলোৱে মোক আগবঢ়ায় দিয়ে । মোৰ লগত বহুত খিনি মানুহ জড়িত আছে । তেওঁলোকেও সহায়-সহযোগ কৰে । কেতিয়াবা পাহৰি গ'লেও মই নিজেই আগবাঢ়ি আহো ।" এই পূজাত কাজিৰঙা বন বিভাগৰ বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায় ৷
লগতে পঢ়ক :বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাৰে উদুলি মুদুলি সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন - ASOM SAHITYA SABHA SESSION 2025