অসম

assam

ETV Bharat / state

মাজুলী এৰিব বিচৰা নাই 'দেহা'ই ! - ELEPHANT CALF SEPARATED

Elephant calf in Majuli: লাচন চাপৰি ৰাইজৰ অতি আদৰৰ হৈ পৰিছে 'দেহা' । পিছে ক্ৰমান্বয়ে 'দেহা' দুৰ্বল হৈ পৰাত চিন্তিত হৈছে ৰাইজ ।

Elephant calf in Majuli
মাজুলী এৰিব বিচৰা নাই 'দেহা'ই (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 2:25 PM IST

মাজুলী : বিগত কেইবাদিনো ধৰি উজনি মাজুলীতে আশ্ৰয় লৈছে 'দেহা'ই । দেহাক পৰিয়ালৰ ওচৰলৈ পঠিয়াইছে যদিও লাচন চাপৰিৰ প্ৰেমত পৰিছে 'দেহা' আৰু পুনৰ ৰাইজৰ মাজলৈ উভতি আহিছে । ৰাইজেও অত্যন্ত মৰম আৰু আদৰ-সাদৰ কৰি ৰাখিছে 'দেহা'ক ।

জাকৰ পৰা বিচ্ছিন্ন হাতীৰ পোৱালি

আচলতে 'দেহা' হৈছে এটি হাতী পোৱালি । লাচন চাপৰিৰ ৰাইজে মৰমতে হাতী পোৱালিটোৰ নাম দিছে দেহা । জানিব পৰা মতে, উজনি মাজুলীৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি এটা হাতীৰ বৃহৎ জাকে বিচৰণ কৰি আছে । হাতীৰ জাকটোৱে ইতিমধ্যে মাজুলীৰ খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন কৰিছে । ইয়াৰ মাজতে লাচন চাপৰিত শুকুৰবাৰে পুৱা মাতৃৰ পৰা বিচ্ছিন্ন এটা পোৱালিক ৰাইজে প্ৰত্যক্ষ কৰে ।

মাজুলী এৰিব বিচৰা নাই 'দেহা'ই (ETV Bharat)

জন সমাগম দেখি মাইকী হাতীটোৱে পোৱালিটো এৰি আঁতৰি গৈছিল । পিছত লাচন চাপৰিৰ স্থানীয় ৰাইজে হাতীৰ পোৱালিটোক নিৰাপদ স্থানত ৰাখি বন বিভাগৰ লোকক খবৰ দিয়ে । সেই সময়ত হাতীৰ পোৱালিটো যথেষ্ট ভাগৰুৱা দেখা গৈছিল । পৰৱৰ্তী সময়ত উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হয় ।

পশু চিকিৎসকে চিকিৎসাও প্ৰদান কৰে হাতীৰ পোৱালিটোক । চিকিৎসা প্ৰদানৰ অন্তত সুস্থ হোৱাত হাতী পোৱালিটোক হাতীৰ জাকটোৰ কিছু নিলগত বন বিভাগৰ লোকে ব্ৰহ্মপুত্ৰৰ চাপৰিত এৰি দিয়ে ।

লাচন চাপৰিলৈ পুনৰ উভতি আহিল দেহা

কিন্তু শনিবাৰে নিশা পুনৰ লাচন চাপৰিত ঘূৰি ফুৰে হাতী পোৱালীটো । দুৰ্বল হাতী পোৱালিটোক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লাচন চাপৰি প্ৰাথমিক বিদ্যালয়লৈ লৈ যায় । স্থানীয় ৰাইজে পুনৰ বন বিভাগক খবৰ দিয়ে ।

ইয়াৰ মাজতে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে লাচন চাপৰিৰ ৰাইজে । কিয়নো বিগত ৩ দিনে উক্ত স্থানত উপস্থিত হোৱা নাই এগৰাকীও বন বিভাগৰ শীৰ্ষ বিষয়া । ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে হাতী পোৱালীটো । পোৱালীটোৰ গাত কিছু কিছু স্থানত আঘাতৰ দাগো দেখা গৈছে ।

কেইজন মান বনকৰ্মীয়ে পহৰাৰ ব্যৱস্থা কৰাৰ বাহিৰে হাতী পোৱালিটোক উদ্ধাৰৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে । আনকি হাতী পোৱালিটোৰ চিকিৎসাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া নাই বন বিভাগে ।

লগতে পঢ়ক :মাকৰ পৰা বিচ্ছিন্ন হোৱা হাতীৰ পোৱালিৰ লগত ধেমালি বনকৰ্মীৰ

ABOUT THE AUTHOR

...view details