অসম

assam

ETV Bharat / state

যোৰহাটৰ পূজাডুবি ঘাটত নিশাও অব্যাহত থাকিব প্ৰতিমা বিৰ্সজন

Durga Puja 2024 : অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় । পূজা মণ্ডপত ম্লান পৰিল ঢাক-ঢোল শব্দ ।

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 9:07 PM IST

Durga Puja 2024
মহিষমৰ্দিনীৰ মৃণ্ময় প্ৰতিমা বিসৰ্জন (ETV Bharat Assam)

যোৰহাট, ১৩ অক্টোবৰ: বিল্ব বোধনৰে ষষ্ঠীৰ বেদীত অধিষ্ঠিত দেৱীক আজি বিদায় দিলে অশ্ৰুসিক্ত নয়নেৰে । ৰাজ্য়ৰ প্ৰায়ভাগ ঠাইতেই নদীত বিসৰ্জন দিয়া হৈছে মহিষমৰ্দিনীৰ মৃণ্ময় প্ৰতিমা । পূজা মণ্ডপত ম্লান পৰিল ঢাক-ঢোল শব্দ আৰু পুৰোহিতৰ মন্ত্ৰোচাৰণ ।

শনিবাৰে ঠায়ে ঠায়ে কিছু প্ৰতিমা বিসৰ্জন দিয়া হয় যদিও দেওবাৰেহে উখল-মাখল পৰিৱেশ বিৰাজ কৰে প্ৰতিটো ঘাটত । কাৰণ প্ৰতিকূল বতৰ আৰু শনিবাৰ হোৱা বাবে কালি প্ৰায়ভাগ ঠাইতেই দিয়া হোৱা নাছিল প্ৰতিমা বিসৰ্জন ।

মহিষমৰ্দিনীৰ মৃণ্ময় প্ৰতিমা বিসৰ্জন (ETV Bharat Assam)

যোৰহাটৰ ভোগদৈ পূজাডুবি ঘাটতো এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । কাৰণ আজি যোৰহাটৰ বিভিন্ন প্ৰান্তৰ প্ৰতিমাসমূহ পূজাডুবি ঘাটৰ পৰা ভোগদৈৰ বুকুত বিসৰ্জন দিয়া হৈছে । দেওবাৰৰ দিনটোত পূজা মণ্ডপসমূহৰ আয়োজক সমিতিয়ে মাৰ প্ৰতিমা বিসৰ্জন দিবলৈ দুপৰ নিশা পৰ্যন্ত যোৰহাটৰ পূজাডুবি ঘাটলৈ অগ্ৰসৰ হৈছে । অতি শৃংখলাবদ্ধভাৱে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত ভোগদৈৰ বুকত প্ৰতিমা বিসৰ্জন দিয়া হৈছে ।

এই সময়ছোৱাত যাতে কোনো ধৰণৰ অবাঞ্চিত ঘটনা সংঘটিত নহয় তাৰ বাবে ভোগদৈৰ বুকুত পুৱাৰে পৰাই সাজু হৈ থাকে এন ডি আৰ এফ । পূজাডুবি ঘাটত যোৰহাট জিলা আয়ুক্তৰ পৰা আদি কৰি জিলা প্ৰশাসনৰ সকলো লোক উপস্থিত থাকি বিসৰ্জন প্ৰক্ৰিয়াৰ তদাৰক কৰে ।

আবেলিলৈকে যোৰহাট পুজাডুবি ঘাটৰ পৰা ৬০ৰ পৰা ৭০খন প্ৰতিমা বিসৰ্জন দিয়া হৈছে । বতৰে আজি কোনো ধৰণৰ বিধি পথালি দিয়া নাই । ফলত এই বিসৰ্জনৰ কাম খৰতকীয়া হৈছে । যোৰহাটত আজিহে সৰহ সংখ্যক প্ৰতিমা বিসৰ্জন দিয়া হৈছে । পূজাডুবি ঘাটৰ পৰা মাৰ প্ৰতিমা বিসৰ্জন দিয়া পৰ্বৰ সাক্ষী হয় হাজাৰ হাজাৰ লোক ।

লগতে পঢ়ক:বিজয়া দশমীত বিধায়ক চক্ৰধৰ গগৈয়ে কি আহ্বান জনালে ৰাইজক ?

অশ্ৰুসিক্ত নয়নেৰে বছৰটোলৈ বিদায় মা দুৰ্গাক

ABOUT THE AUTHOR

...view details