ৰঙাপৰা, ১৫ জুন :অৱশেষত পথ মেৰামতি কৰিবলৈ বাধ্য হ’ল স্থানীয় ৰাইজে । ক’বলৈ লৈছো শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এটা বিশেষ পথৰ বিষয়ে ৷ এই পথছোৱা পকীকৰণ আৰু বৰষুণৰ পানী নিষ্কাসনৰ বাবে দুয়োকাষে নলা নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু গাঁও পঞ্চায়তক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও আজিলৈকে সুফল লাভ নকৰিলে স্থানীয় লোকে । যাৰ ফলত স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি পথছোৱা মেৰামতি কৰি ল'বলৈ বাধ্য হয় ।
ৰাজ্যখনত গ্ৰামাঞ্চলৰ পথসমূহৰ উন্নয়ন হোৱা বুলি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই আহিছে যদিও ৰঙাপৰাৰ নামনি গাঁৱৰ প্ৰায় ১০০ মিটাৰ দৈৰ্ঘৰ পথছোৱা উন্নয়নে ঢুকি নোপোৱাৰ অভিযোগ উঠিছে । শুকুৰবাৰে স্থানীয় জনপ্ৰতিনিধি আৰু গাঁও পঞ্চায়তলৈ আশাপালি ৰৈ নাথাকি পুৰুষ-মহিলা আৰু ডেকাসকলে হাতে হাতে কোৰ, বেলচা, টুকুৰী লৈ পথছোৱা মেৰামতি কৰিবলৈ ওলাই আহে । যি দৃশ্যই উদঙাই দিছে ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপটো ।
উল্লেখ্য যে, ৰঙাপৰাৰ ৰে’লৱে লেভেল ক্ৰছিঙৰ পৰা নামনি গাঁৱলৈ যোৱা পথছোৱাৰ সৈতে সংযোগ থকা এটা সৰু পথ ভিতৰলৈ সোমাই গৈছে । উক্ত পথছোৱাৰ দুয়োকাষে প্ৰায় ১২-১৩ টা পৰিয়ালে পূৰ্বৰে পৰা বসবাস কৰি আহিছে । বাৰিষাৰ কালত বোকাময় আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হয় SF পথছোৱাত । যাৰ ফলত ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্যোগ ভুগিবলগীয়া হয় ।
পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱাৰ ফলত ৰাইজে বোকা-পানী গচকি অহা-যোৱা কৰাৰ পাচতো নামনি গাঁৱৰ গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিসকলৰ দৃষ্টি নপৰিল । গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিসকলে প্ৰায় ১০০ মিটাৰ দৈৰ্ঘৰ পথছোৱাত শিল-বালি পেলাবলৈ আহৰি নাপালে ।
এই সন্দৰ্ভত সমাজকর্মী কিশোৰ নাথে সংবাদ মাধ্যমৰ আগত কয় যে এই পথছোৱা প্ৰায় ১০-১২ বছৰ ধৰি ৰাইজে মেৰামতি কৰি আহিবলগীয়া হৈছে । প্ৰতি বছৰে পথছোৱা নিৰ্মাণ কৰিবলৈ চৰকাৰক কাকুতি-মিনতি কৰি অহাৰ লগতে গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা গাঁও সভাত বিষয়টো উত্থাপন কৰাৰ পাচতো কোনেও কাণসাৰ নিদিলে । তদুপৰি নামনিগাঁও গাঁও পঞ্চায়তখনৰ প্ৰতিনিধিসকলে ১০ বছৰ ধৰি পথছোৱা মেৰামতি কৰিবলৈ আহৰি নোপোৱাটো অতি দুর্ভাগ্যজনক ।