ডিব্ৰুগড়, ২১ জুলাই :ডিব্ৰুগড় জিলাৰ নামৰূপত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ড্ৰাগছআসক্ত যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড ৷ জ্বৰ আৰু বমিত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱকৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়াৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ এখন শ্মশানত সৎকাৰ কৰে নিচাসক্ত এজন যুৱকজনে । ইয়াৰ পিচতে আৰক্ষীৰ জালত পৰা ভয়ত নিচাসক্ত যুৱকজনে ডিঙিত চিপ লৈ আত্মহত্যা কৰে ।
ঘটনা অনুসৰি নামৰূপৰ শৰ্মা তিনিআলিৰ শংকৰ মালা নামৰ এজন যুৱকে ৮ জুলাইৰ সন্ধিয়া নামৰূপৰ বাছা টাইপৰ নিৱাসী গিৰীশ হাজৰিকাৰ জীয়ৰীৰ জন্মদিন উদযাপন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল ৷ পৰিয়ালৰ মতে সেইদিন ধৰি নিৰুদ্দেশ হৈ আছিল শংকৰ মালা ৷ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰাৰ পিচতো কোনোধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত নামৰূপ আৰক্ষীৰ কাষ চাপে ৷ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ।
শুকুৰবাৰে নামৰূপ আৰক্ষীয়ে গিৰীশ হাজৰিকাৰ কল ডিটেইলছ পৰীক্ষা কৰে ৷ গিৰীশ হাজৰিকাই ৮ জুলাইৰ মাজৰাতি নামৰূপৰ মুকেশ বাৰ্মা নামৰ এজন গাড়ী চালকলৈ ৮ বাৰ ফোন কৰাৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ উক্ত নম্বৰটোৰ প্ৰতি সন্দেহ জন্মাত সোধা-পোছাৰ বাবে নামৰূপ থানালৈ মাতি অনাত মুকেশ বাৰ্মাই আৰক্ষীৰ আগত সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে ৷
চালক মুকেশে আৰক্ষীৰ আগত জানিবলৈ দিয়া মতে, গিৰীশ হাজৰিকাই তেওঁৰ মাতৃ অসুস্থ হোৱা বুলি কৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ যাব লাগিব বুলি মিছাকৈ মুকেশক ঘৰলৈ মাতি পঠিয়ায় ৷ তাৰ পিচতে এখন বিছনা চাদৰেৰে শংকৰক মেৰিয়াই অসম চিকিৎসা মহাবিদ্যালয়লৈ যায় ।
অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পিচতেই চালক মুকেশক ঘৰলৈ পঠিয়াই দিয়ে বুলি আৰক্ষীৰ আগত মুকেশে স্বীকাৰ কৰে । চালকগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে সন্ধিয়া গিৰীশ হাজৰিকাক নামৰূপ থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হয়৷ নিশা নিজা বাসগৃহত ডিঙিত চিপ লৈ আত্মহত্যা কৰে গিৰীশ হাজৰিকাই ৷