মৰাণ:জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি । এই সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোত বহু স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি অসমৰ সাহিত্য ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে । কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাক লৈ সৃষ্টি হোৱা বিতৰ্কই সাহিত্য়ানুৰাগীৰ চকু কপালত তুলিছে ।
সাহিত্য সভাৰ সভাপতিৰ বাবে চৰ্চা হোৱা বিশিষ্ট সাহিত্যিকসকলৰ ভিতৰত অন্য়তম হৈছে ড৹ নাহেন্দ্ৰ পাদুন । কিন্ত অসম সাহিত্য সভাই গঠন কৰা উচ্চস্তৰীয় কমিটীৰ দায়িত্বত আছে ড৹ নাহেন্দ্ৰ পাদুন । তেনেস্থলত সাহিত্য সভাক লৈ সৃষ্টি হোৱা বিৰ্তকক লৈ দেওবাৰে ডিব্ৰুগড়ত মন্তব্য কৰিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ তেওঁ আগ্ৰহী নহয় বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ।