গুৱাহাটী, 25 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো শুকুৰবাৰে উদযাপন কৰা হ’ব 75 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱস উপলক্ষে ৰাজধানী চহৰ দিল্লীৰ কৰ্তব্য পথৰ লগতে সাজু কৰি তোলা হৈছে গণতন্ত্ৰ দিৱস উদযাপন কৰিবলগীয়া দেশৰ আন আন স্থান সমূহ ৷ গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷
75 সংখ্যক গণৰাজ্য দিৱসৰ বাবে এতিয়া সাজু হৈছে ৰাজ্যবাসী ৷ মাজত মাথোঁ কেইটামান ক্ষণ বাকী ৷ ৰাজ্যত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব 75 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ৷ এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক ৷
গণৰাজ্য দিৱস উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৷ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে শতাধিক চি চি টিভিৰ নিৰীক্ষণত থাকিব খানাপাৰাত পশু চিকিৎসা মহাবিদ্যালয়ৰ সমগ্ৰ খেলপথাৰ ৷ আনহাতে গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত কামৰূপ মহানগৰ জিলা আয়ুক্তই জাৰি কৰিছে কিছু নিৰ্দেশনা ৷