বকো,২৯ ছেপ্টেম্বৰ:কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ২৪নং পৰিষদীয় সমষ্টিৰ চুকুণীয়াপাৰাত শনিবাৰে ১২০০ হিতাধিকাৰীক অনুদান বিতৰণ কৰে । পৰিষদীয় সমষ্টিটোৰ ৪৮খন গাঁৱৰ গাৰো, বড়ো, ৰাভা, কোচ ৰাজবংশীকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ. মাৰাকে ।
পৰিষদৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ পুঁজিৰে দৰিদ্ৰ হিতাধিকাৰীৰ মাজত সুতা, কম্বল, দমকল, বন্যহস্তী খেদিবলৈ সৌৰ শক্তি চালিত টৰ্চ, টিনপাত, বিভিন্ন ক্লাৱত ফুটবল, ভলীবলসহ নেট আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে । বিতৰণ অনুষ্ঠানটোত কাৰ্যবাহী সদস্যগৰাকীক সংগ দিয়ে ৰাভা হাছং যৌথ মঞ্চৰ বন্দাপাৰা মণ্ডলৰ উপ-সভাপতি ভাস্কৰ ৰাভা, পৰিষদীয় সমষ্টিৰ সভাপতি গোবৰ্ধন ৰাভাসহ বিষয়ববীয়াসকলে ।
বিতৰণ অনুষ্ঠানত কাৰ্যবাহী সদস্যগৰাকীয়ে হাছঙবাসীক উদ্দেশ্যি কয়,"যদিহে হাছংবাসীক বিজেপিমুখী হ'বলৈ হেঁচা প্ৰয়োগ কৰে তেন্তে হাছংবাসীয়ে পৰিষদখন প্ৰথমে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তি কৰাৰ দাবী তুলিব লাগিব । ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদখনত বিভিন্নজনে বিভিন্ন সময়ত ৰাজনীতি কৰি আহিছে ।"