অসম

assam

নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত দালালিৰ অভিযোগ, চাৰিগৰাকীক গ্ৰেপ্তাৰ - ADRE 2024

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 8:14 PM IST

Updated : Sep 15, 2024, 10:43 PM IST

Fraud of ADRE 2024 arrested : স্বচ্ছতাৰ দাবীৰে অনুষ্ঠিত ৰাজ্যৰ সৰ্ববহৎ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত দালালিৰ অভিযোগ ৷ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে চাৰিগৰাকীক ৷

Fraud of ADRE 2024 arrested
নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত দালালিৰ অভিযোগ (ETV Bharat Assam)

ডিফু, ১৫ ছেপ্টেম্বৰ :দেওবাৰে পানী নসৰকা নিৰাপত্তাৰ মাজেৰে অসম চৰকাৰে অনুষ্ঠিত কৰিলে ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা ৷ স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ পুৱা চাৰে দহ বজাৰ পৰা দুপৰীয়া ডেৰ বজালৈকে ইণ্টাৰনেট সেৱাও বন্ধ কৰা হ’ল ৷ তদুপৰি পৰীক্ষা হলৰ ভিতৰত নিষিদ্ধ কৰা হ’ল প্ৰায়সমূহ সামগ্ৰী ৷ ইয়াৰ পিচতো থমকি নৰ’ল দালাল চক্ৰ ৷

নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত দালালিৰ অভিযোগ (ETV Bharat Assam)

পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ যোৱা বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত কোৱাৰ পিচতে সন্ধিয়া ৬ মান বজাত ডিফু আৰক্ষীয়ে দিলে বিশেষ এটা খবৰ ৷ আৰক্ষীয়ে জনোৱা অনুসৰি অসমৰ সৰ্ববৃহৎ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ ADREত উত্তীৰ্ণ কৰোৱাই দিয়াৰ প্ৰলোভনৰ অভিযোগত চাৰিগৰাকী লোকক ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰে দুগৰাকী পুৰুষ আৰু আন দুগৰাকী মহিলা পৰীক্ষাৰ্থী ৷

আৰক্ষীয়ে ইতিমধ্যে আটক কৰা পুৰুষ দুগৰাকী হ’ল মৰিগাঁৱৰ সপোন দাস আৰু ডিফুৰ ৰবীন কুমাৰ বৰা ৷ আনহাতে মহিলা পৰীক্ষাৰ্থী দুগৰাকী হ’ল মৰিয়নীৰ প্ৰমিলী শইকীয়া আৰু দেৰগাঁৱৰ টুলুমণি শইকীয়া ৷ চাৰিওগৰাকীকে আৰক্ষীয়ে শনিবাৰে নিশাই বিভিন্ন স্থানৰ পৰা আটক কৰা বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ডিফু থানাত ৭৩/২০২৪ নম্বৰত এক গোচৰ ৰুজু কৰি চাৰিওগৰাকী অভিযুক্তক ডিফু ন্যায়িক আদালতত হাজিৰ কৰোৱা বুলি আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিছে ৷ আনহাতে আদালতত হাজিৰ কৰোৱাৰ পিচত আৰক্ষীয়ে অভিযুক্ত সপোন দাস আৰু ডিফুৰ ৰবীন কুমাৰ বৰাক তিনিদিনৰ বাবে নিজৰ জিম্মাত লয় ৷

কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা)এ কয়, ‘‘কথা-বতৰা চলি আছিল দুগৰাকী পৰীক্ষাৰ্থীক তেওঁলোকে চাকৰি লোৱাত সহায় কৰি দিব বুলি ৷ সেইক্ষেত্ৰত আমি ডিফুৰ পৰা ৰবীন কুমাৰ বৰাক কৰায়ত্ত কৰিছিলোঁ ৷ তেওঁক জেৰা কৰাৰ পিচত গম পালোঁ যে মৰিগাঁৱৰ সপোন কুমাৰ দাসে সেই প্ৰতিশ্ৰুতি দিছিল ৷ কিছু তথ্য লাভ কৰিলোঁ ৷ সেই অনুসৰি মৰিগাঁৱৰ পৰা সপোন কুমাৰ দাসক, পৰীক্ষাৰ্থী দুগৰাকীক যোৰহাট আৰু গোলাঘাটৰ পৰা কৰায়ত্ত কৰা হয় ৷’’

লগতে পঢ়ক :বহু চৰ্চিত নিবনুৱা সমস্যাৰ মাজতে অসমত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; এটা পদৰ বিপৰীতে অৱতীৰ্ণ গড়ে ৩৬০ গৰাকী প্ৰাৰ্থী

অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; চাৰে তিনিঘণ্টাৰ বাবে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা

তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত নিষেধাজ্ঞা

Last Updated : Sep 15, 2024, 10:43 PM IST

ABOUT THE AUTHOR

...view details