হাফলং: ডিমা হাছাও জিলা বিজেপিত আৰম্ভ বিসম্বাদ । বিজেপিৰ নেতা-কৰ্মীয়ে গৰজি উঠিছে দেবলাল গাৰ্লোচাৰ বিৰুদ্ধে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা দেবলাল গাৰ্লোচাক অপসাৰণ কৰিবলৈ বিজেপিৰ নেতা-কৰ্মীয়ে মুকলিকৈ বিদ্ৰোহ আৰম্ভ কৰিছে । দেবলাল গাৰ্লোচাৰ একনায়কত্ববাদৰ বিৰুদ্ধে এই বিদ্ৰোহ ।
দেবলাল গাৰ্লোচাৰ গুণ্ডাৰাজ তথা একনায়ত্ববাদৰ বাবেই জিলা বিজেপিত বিসম্বাদৰ জুই জ্বলিছে । অনতি পলমে যদি দেবলাল গাৰ্লোচাক তেওঁৰ পদৰ পৰা অপসাৰণ কৰা নহয় তেনেহ'লে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ইয়াৰ ফল ভোগ কৰিব লাগিব বুলি শুক্ৰবাৰে এখন সংবাদমেলত সকীয়াই দিয়ে প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰ আৰু বিজেপি নেতা জয়দেশ ফংলোৱে ।
শুক্ৰবাৰে হাফলঙত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে কয়, "দেবলাল গাৰ্লোচাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত ৰাজত্ব চলাই থকাত তেওঁৰ বিৰুদ্ধে এতিয়া বিজেপিৰ তৃণমূল স্তৰৰ নেতা-কৰ্মী আন্দোলনমুখী হৈছে ।" তেওঁ পুনৰ কয়,"আমি আগৰে পৰাই দাবী জনাই আহিছো এজন যোগ্য ব্যক্তি আৰু ভাল নেতাক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পাতিব লাগে । "
তেওঁ লগতে কয়,"পাঁচটাকৈ গোচৰত অভিযোগনামাত নাম থকা আৰু ই ডিৰ গোচৰত অভিযুক্ত দেবলাল গাৰ্লোচাক অপসাৰণ কৰাৰ দাবীত নতুন বছৰৰ প্ৰথম দিনটোৰ পৰাই বিজেপিৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে । ১ আৰু ২ জানুৱাৰীত ডিমা হাছাও জিলাৰ মান্দাৰডিচা আৰু হাৰাংগাজাওত বিজেপি নেতা-কৰ্মী আৰু ৰাইজ দেবলাল গাৰ্লোচাক অপসাৰণৰ দাবী জনাই ওলাই আহিছে । ৭ জানুৱাৰীত হাৰাংগাজাও মণ্ডল বিজেপিৰ উদ্যোগত দেবলাল গাৰ্লোচাৰ অপসাৰণৰ দাবীত হাফলঙত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ।"