অসম

assam

ETV Bharat / state

২৬খন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহণৰে ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা - NATIONAL BADMINTON COMPETITION

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগিতা । দেশৰ ২৬খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত ।

National Badminton Competition will held in Dibrugarh
ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 2:01 PM IST

ডিব্ৰুগড়:ক্ৰীড়াৰ ক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাৱান খেলুৱৈসকলে । ফলত অসমত গঢ়ি উঠিছে এক সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ । ইয়াৰ সমান্তৰালভাৱে অসমক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ডিব্ৰুগড় জিলাই ।

ইয়াৰ মাজতে দেশৰ ২৬খন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহণৰে আজি অৰ্থাৎ শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগিতা । ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থা, অসম বেডমিণ্টন সংস্থা আৰু বেডমিণ্টন এছোচিয়েছন অৱ ইণ্ডিয়াৰ উদ্যোগত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত Yonex-Sunrise All India Sub-Junior Ranking Badminton Tournament 2024 (অনুৰ্ধ-১৩ বছৰীয়া ল’ৰা-ছোৱালী) অনুষ্ঠিত হ'ব ।

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা (ETV Bharat Assam)

এই প্ৰতিযোগিতা ২৫ অক্টোবৰৰ পৰা ৩০ অক্টোবৰ ২০২৪ তাৰিখলৈকে ডিব্ৰুগড়ৰ বহুমুখী আন্তঃক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হ'ব । এই কথা ডিব্ৰুগড়ত জিলা ক্ৰীড়া সন্থাই সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে । উদ্যোগতাসকলে জানিবলৈ দিয়া অনুসৰি এই প্ৰতিযোগিতাৰ যোগ্যতাৰ ৰাউণ্ডসমূহ আজি অৰ্থাৎ ২৫ আৰু ২৬ অক্টোবৰ তাৰিখত অনুষ্ঠিত হ'ব আৰু মূল প্ৰতিযোগিতা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈকে চলিব । প্ৰতিযোগিতাত ২৬ ৰাজ্যৰ প্ৰায় ৩৫৪ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।

অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, গুজৰাট, হৰিয়ানা, ঝাৰখণ্ড, কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, দিল্লী, হিমাচল প্ৰদেশ, মিজোৰাম, ওড়িশা, পঞ্জাব, পুডুচেৰী আৰু বিহাৰ আদি ৰাজ্যৰ খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সংবাদমেলত উদ্যোক্তাসকলে ।

উদ্যোক্তাসকলে জনোৱা অনুসৰি, এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ ৰামেশ্বৰ তেলী আৰু প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকিব । বৰষুণৰ বাবে সন্ধিয়াৰ ভাগলৈ প্ৰতিযোগিতাসমূহ আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে উদ্যোক্তাসকলে ।

সংবাদমেলত উদ্যোক্তা সমিতিৰ হৈ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ আৰু আয়োজক সমিতিৰ সভাপতি ঋতুপৰ্ণ বৰুৱা, জিলা ক্ৰীড়া সন্থাই সভাপতি কামাখ্যা শইকীয়া, উপ-সভাপতি মানস জ্যোতি দত্ত আৰু সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথানত কাৰ্গিল যোদ্ধা

টাৱাং মাৰাথনত ৮০ বছৰীয়া চিৰতৰুণ, ইথিওপিয়াৰ দৌৰবিদৰ প্ৰিয় বলিউডৰ তাৰকা

৪৫০০ দৌৰবিদৰ অংশগ্ৰহণেৰে টাৱাং মাৰাথনৰ আয়োজন

ABOUT THE AUTHOR

...view details