নাৰীয়ে শিক্ষা গ্ৰহণত দেখা দিয়া সমস্যা দূৰ কৰিবলৈ নাৰী শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছিল কল্যাণী দেৱী । ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰি ১৯৭৩ চনত তেওঁ খোৱাঙত আৰ্থিকভাৱে পিছপৰা ছাত্ৰীৰ শিক্ষাৰ বাবে সোণোৱাল চেৰিটেবল ট্ৰাষ্ট বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰম্ভ কৰিছিল । ইয়াৰ সমান্তৰালভাৱে ১৯৭৫ চনত খোৱাং জনতা হাইস্কুল স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ।
আনহাতে, বৰ্তমানৰ উজনি অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয় খোৱাং মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাতো মুখ্য ভূমিকা পালন কৰিছিল কল্যাণী দেৱীয়ে । ১৯৮২ চনত খোৱাং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদিকা হিচাপে দায়িত্ব গ্ৰহণ কৰি উচ্চ শিক্ষানুষ্ঠানখন তেওঁ আগবঢ়াই নিছিল । সদায়ে ৰাজনীতিৰ পৰা আঁতৰত থাকি ডিব্ৰুগড় জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জীৱনৰ অন্তিম মুহূৰ্তলৈকে নিজক জড়িত কৰি ৰাখিছিল ।
ইফালে কল্যাণী দেৱীৰ মৃত্যুত শুকুৰবাৰে ডিব্ৰুগড়ৰ খোৱাং স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে । আবেলি তেওঁৰ নশ্বৰদেহ পোনপ্ৰথমে তেওঁ প্ৰতিষ্ঠা কৰা খোৱাং পিথুবৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত স্ব-গৃহলৈ অনা হয় ।
স্ব-গৃহত নীতি-নিয়মৰ অন্তত বিশিষ্ট সমাজ সেৱিকাগৰাকীৰ নশ্বৰ দেহ খোৱাং মহাবিদ্যালয়লৈ নিয়া হয় । বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে মহাবিদ্যালয়ৰ ফালৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত এক শোকাকুল পৰিৱেশত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।
কি কি বঁটাৰে সন্মানিত হৈছিল কল্যাণী দেৱী
শিক্ষাৰ ক্ষেত্ৰখনত নিজৰ ওৰেতো জীৱন উছৰ্গা কৰা কল্যাণ দেৱীয়ে লাভ কৰিছিল বহুকেইটা সন্মানীয় বঁটা । তেওঁ ১৯৮৯ চনত ৰাজ্যিক কৃতি শিক্ষক বঁটা, ১৯৯০ চনত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণি হিচাপে আনন্দময়ী চলিহা বঁটা, ১৯৯৪ চনত শিক্ষকৰ সৰ্ব্বোচ্চ সন্মান ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা, ২০০৩ চনত শিক্ষা ৰত্ন বঁটা, ২০০৮ চনত ৰাষ্ট্ৰীয়, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক সন্মিলনত আচাৰ্য মহীয়সী উপাধি গ্ৰহণ, ২০১৪ চনত জীৱন সমৃদ্ধ বঁটা, ২০১৫ চনত মুখ্যমন্ত্ৰী শ্ৰেষ্ঠ সামূহিক উন্নয়ন বঁটা লাভ কৰিছিল ।