ধুবুৰী :অসমৰ বিভিন্ন জিলাত থকা কাৰাগাৰৰ ভিতৰত মহিলা কৰ্মচাৰী সুৰক্ষিত নহয় বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে । কাৰাগাৰৰ ভিতৰত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলি থকাৰো অভিযোগ উঠিছে ।
কাৰাগাৰৰ ভিতৰৰে একাংশ কৰ্মচাৰীৰ লগতে জেল ফেৰত লোকে এনে ঘটনাৰ বিৰুদ্ধে ঘটাইছে বিস্ফোৰণ । চৰকাৰে কৰ্মক্ষেত্ৰত মহিলাসকলৰ সুৰক্ষাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰাৰ সময়তেই কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে কাৰাপ্ৰহৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পিচতো ভুক্তভোগীয়ে লাভ কৰা নাই ন্য়ায় ।
সমগ্ৰ অসম কঁপোৱা ধুবুৰীৰ কাৰাগাৰ-কাণ্ডক লৈ সৃষ্টি হৈছে ৰহস্যৰ । দীর্ঘদিনৰ অন্তত দেওবাৰে ধুবুৰী কাৰাগাৰত নিৰ্যাতিতা মহিলা ৱাৰ্ডেন উপস্থিত হোৱাৰ পিচতেই তেওঁ আজিলৈকে কোনো ন্য়ায় পোৱা নাই বুলি মন্তব্য় কৰি উজাৰিলে ক্ষোভ । ধুবুৰীৰ পৰা নলবাৰীলৈ বদলি কৰাৰ পাছতেই আজি ৰিলিজ অৰ্ডাৰ লোৱাৰ বাবে ধুবুৰীৰ কাৰাগাৰত উপস্থিত হয় ভুক্তভোগী ৱাৰ্ডেনগৰাকী ।
উচ্চপদস্থ বিষয়াৰ তদন্ত লগতে মহিলা আয়োগৰ আগমনৰ পাছতো আজিলৈকে চকী নলৰিল ধুবুৰী কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীৰ । বৰং এই ঘটনাটো গাপ দিয়াৰ বাবেই বৃহৎ পৰিমাণৰ টকাৰ বিনিময়ত সকলোকে মেনেজ কৰাৰ অভিযোগ উঠিছে প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে । সকলো তথ্য থকাৰ পাছতো আজিলৈকে চকী নলৰিল অধীক্ষকগৰাকীৰ ।
ভুক্তভোগীৰ ক্ষোভ: