শিলচৰ : ৰাজ্যৰ ৫ টাকৈ সমষ্টিত উপ-নিৰ্বাচনক লৈ ব্যাপক ব্যস্থতা দেখিবলৈ পোৱা গৈছে । শাসকীয় বিজেপিকে ধৰি বিৰোধী কংগ্ৰেছৰ লগতে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । তাৰ মাজতে শাসক-বিৰোধী নেতাৰ বাকযুদ্ধও অব্যাহত আছে । কেতিয়াবা যদি শাসকীয় পক্ষৰ নেতাই বিৰোধীক সমালোচনা কৰিছে কেতিয়াবা আকৌ বিৰোধী নেতাই বিজেপি নেতাসকলক প্ৰত্যাহ্বান জনাইছে । কাছাৰৰ ধলাই সমষ্টিত শাসক-বিৰোধীৰ এই বাকযুদ্ধখন অধিক আকৰ্ষণীয় হৈ পৰিছে ।
জয়ন্ত মল্লবৰুৱাক প্ৰত্যাহ্বান ৰেকিবুদ্দিনৰ
এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে কংগ্ৰেছ নেতা ৰেকিবুদ্দিন আহমেদে বাকযুদ্ধৰ জুইত ঘিউ ঢালিলে । বিজেপি নেতা তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক প্ৰত্যাহ্বান জনাই ৰেকিবুদ্দিন আহমেদে কয়, "বেপাৰ(ব্যৱসায়) তোৰ বাবাৰ নেকি যে ভোট নিদিলে বন্ধ কৰি দিব ৷ এনেকুৱা ধমকি নিদিব । তোমাৰ এনে ধমকিক কোনেও পাত্তা নিদিয়ে । মনত ৰাখিব ২০২৬ত আমাৰ চৰকাৰ আহি আছে ।" ধলাইত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক এনেদৰে লক্ষ্য কৰি ল'লে বিধায়ক ৰেকিবুদ্দিন আহমেদে ।
মোৰ জাতি ভাইক দম নিদিব;কাক উদ্দেশ্যি এনেদৰে ক'লে ৰেকিবুদ্দিন আহমেদে (ETV Bharat) শাসক-বিৰোধীৰ যুঁজ
উল্লেখ্য যে এদিন পূৰ্বে ধলাইৰ ভাগা বজাৰত দলীয় প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ প্ৰচাৰ চলাবলৈ আহি সভাত সংখ্যালঘুক উদ্দেশ্যি কাছাৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এক ভাবুকিসূচক মন্তব্য কৰিছিল । তেওঁ কৈছিল,"বিজেপিক ভোট নিদিলে ব্যবসায় বন্ধ কৰি দিম ।" মন্ত্ৰীগৰাকীৰ সেই মন্তব্যৰ পাছতে ধলাইত নিৰ্বাচনী প্ৰচাৰ অধিক উত্তপ্ত হৈ পৰিছে । জয়ন্ত মল্লবৰুৱাৰ এই মন্তব্যক অস্ত্ৰ হিচাপে এতিয়া ব্যবহাৰ কৰিছে কংগ্ৰেছী নেতা-কৰ্মীয়ে ।
শনিবাৰে নিশা ধলাইৰ ভাগা বজাৰৰ একেই ঠাইতে আয়োজিত কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি বিধায়ক ৰেকিবুদ্দিন আহমেদে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক তীব্ৰ সমালোচনা কৰি কয়, "গণতান্ত্ৰিকভাৱে ৰাজনীতি কৰক, আমাৰ কোনো আপত্তি নাই ৷ ভোট নিদিলে ব্যৱসায় বন্ধ কৰি দিম ! ব্যৱসায় তোৰ বাবাৰ নেকি যে ভোট নিদিলে বন্ধ কৰি দিব । এনেকুৱা ধমকি নিদিব ৷ তোমাৰ এনে ধমকি হুমকিক ৰাইজে পাত্তা নিদিয়ে ।" লগতে তেওঁ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক উদ্দেশ্যি কয়, "মোৰ জাতি-ভাইক দম নিদিব, মনত ৰাখিব ২০২৬ চনত আমাৰ চৰকাৰ আহি আছে, সকলোৰে হিচাপ হ'ব ।"
লগতে পঢ়ক :মন বেয়া লাগিলে ব্যৱসায় বন্ধ কৰি দিম ! কাক উদ্দেশ্যি কিয় ক’লে মন্ত্ৰী জয়ন্তই