অসম

assam

ETV Bharat / state

ধেমাজিৰ পাচলিৰ বজাৰত জুই, খালী মোনা লৈ বিমুখ মনেৰে ঘৰলৈ উভতিছে ক্ৰেতা

ৰবিশস্যৰ বতৰত ধেমাজি পাচলিৰ বজাৰত জুই ৷ থলুৱা পাচলি বিপৰীতে বাহিৰৰ পাচলিয়ে দখল কৰিছে বজাৰ ৷ পি এম কিষাণৰ নামত ধনৰ অপচয় হৈছে নেকি ?

Dhemaji People face problems due to hike in vegetable prices
ৰবিশস্যৰ বতৰত পাচলিৰ বজাৰত জুই (ETV Bharat Assam)

By ETV Bharat Business Team

Published : Oct 25, 2024, 7:34 AM IST

ধেমাজি :সততে পথাৰ আমাৰ বজাৰ আমাৰ শ্ল’গান দি অহাৰ সময়ত এতিয়া ৰবি শস্যৰ বতৰত থলুৱা পাচলিৰ নাটনি ৷ বৰ্ধিত মূল্যই কোঙা কৰিছে সাধাৰণ লোকক ৷ ইপিনে কৃষকসকলক উৎপাদনৰ ক্ষেত্ৰত আৰ্থিক সকাহ তথা উদগনি দিয়াৰ উদ্দেশ্য চৰকাৰে প্ৰৱৰ্তন কৰা পি এম কিষাণৰ নামত প্ৰতিমাহে হাজাৰ হাজাৰ কৃষকৰ একাউণ্ট টনকিয়াল কৰাৰ বিপৰীতে ক্ৰমান্বয়ে আশ্চৰ্যকৰভাৱে হ্ৰাস পাইছে স্থানীয় কৃষকৰ যিকোনো উৎপাদন সামগ্ৰী ৷ যাৰ ফলত ধেমাজি জিলাখনত দিনক-দিনে বৃদ্ধি পাইছে পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম ৷

ধেমাজি ৰ সাপ্তাহিক বজাৰ কেইবাগৰাকী ব্যৱসায়ী প্ৰতিদিনে পাচলিৰ দাম বৃদ্ধি আৰু হ্ৰাসৰ সম্পৰ্কত কেতবোৰ মন্তব্য কৰে ৷ বৃহস্পতিবাৰৰ দিনটোত ধেমাজি সাপ্তাহিক বজাৰৰ কিছু শাক-পাচলিৰ মূল্য এনেধৰণৰ -

ৰবিশস্যৰ বতৰত পাচলিৰ বজাৰত জুই (ETV Bharat Assam)
শাক-পাচলি প্ৰতি কেজিৰ মূল্য
নহৰু ২৪০-২৫০ টকা
আদা ১৫০ টকা
মূলা ৬০-৭০ টকা
লাই ১০০ টকা
ভাত কেৰেলা ৮০-১০০ টকা
তিতা কেৰেলা ১০০ টকা
কচু ৪০-৫০ টকা
গাজৰ ১৫০ টকা
বিলাহী ৬০-৮০ টকা

ব্যৱসায়ীসকলে জনোৱা মতে, বতৰৰ বাবে অথবা কৃষকৰ অনীহা বাবেও ধেমাজি বজাৰত এনেধৰণেৰে দাম বৃদ্ধি পাই আহিছে ৷ সেয়ে এতিয়া খাৰুপেটীয়া, অৰুণাচলৰ বোমডিলা, শ্বিলং, নগাঁও আদিৰ পৰা আমদানিকৃত পাচলিৰে কোনোমতে চলিছে ধেমাজিৰ বজাৰ ৷ একেদৰে ধেমাজি মাছখোৱা বৃহত্তৰ গ্ৰামাঞ্চলতো হাৰমতী খাৰুপেটীয়া পাচলিকে থলুৱা একাংশ ব্যৱসায়ীয়ে বিক্ৰী কৰিবলগীয়া পৰিস্থিতি হৈছে ৷

পাচলিৰ বজাৰত জুই (ETV Bharat Assam)
লগতে পঢ়ক :৫ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বনিম্ন; কিন্তু অসমত পৰা নাই ইয়াৰ প্ৰভাৱ - India retail inflation

উল্লেখ যে, ইয়াৰ পূৰ্বে মাছখোৱা অঞ্চলত উপলব্ধ আছিল কেৱল থলুৱা কৃষকে উৎপাদন কৰা পাচলিহে ৷ ইয়াৰে কিছু পাচলি ধেমাজি বজাৰত বিক্ৰী কৰা হৈছিল ৷ যাৰ বাবে ধেমাজি আৰু মাছখোৱাত ৰবিশস্যৰ বতৰত স্বাভাৱিকতে ৰাজ্যৰ আন ঠাইৰ তুলনাত পাচলিৰ দাম কম থাকে ৷

কিন্তু শেহতীয়াকৈ চৰকাৰৰ কৰ্মবিমুখ আঁচনি য়ে বহুতো যুৱ উদ্যমী কৃষকক এলেহুৱা কৰিছে ৷ এয়াও অন্য এটি কাৰণ বুলি চৰ্চা কৰিছে সচেতনমহলে ৷ চাকৰিমুখী পৰিৱেশ সৃষ্টি কৰাৰ বাবে বহুতো উদ্যমী যুৱ কৃষকে মাটি বিক্ৰী কৰি খেতি পথাৰ কৰিবলৈ এৰি দিয়া বুলিও বহুতে মন্তব্য কৰিছে ধেমাজিৰ একাংশ ব্যৱসায়ীয়ে ৷

ইপিনে প্ৰশ্ন হয়, পি এম কিষাণৰ নামত ছদ্মবেশী কৃষকৰ একাউণ্টহে টনকিয়াল হৈছে নেকি ? অপচয় হৈছে নেকি অকৃষকৰ নামত ৰাজকোষৰ বৃহৎ ধন ? এই ধাৰা অব্যাহত থাকিলে চৰকাৰে কৃষকসকলক দুগুন আয় বৃদ্ধি কৰা কথা কৈ অহা আৰু স্থানীয় বিধায়কগৰাকীয়ে সততে “আত্মনিৰ্ভৰ অসম আত্ম নিৰ্ভৰ ধেমাজি’’ বোলা কথাষাৰ শূণ্য লৈ পৰিৱৰ্তন হ’বলৈ বেছিপৰ নালাগিব বুলি উল্লেখ কৰে ধেমাজিৰ সচেতন মহলে ৷

লগতে পঢ়ক :অসমত পি এম কিষাণ সন্মান আঁচনিৰ লাখ লাখ হিতাধিকাৰী ভুৱা - CAG Report

ABOUT THE AUTHOR

...view details