ধিং, ২৩ আগষ্ট : মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতে ধিঙত উপস্থিত হ’ল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ সঞ্চালক প্ৰধানগৰাকী ভুক্তভোগী নাবালিকাগৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত-বিনিময় কৰে ৷ ইয়াৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ঘটনাস্থলীত উপস্থিত হৈ পৰীক্ষণ কৰে ।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি ধিং নগৰৰ ৰাজপথত অব্যাহত থকা প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ লগত মত বিনিময় কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘কালি সন্ধিয়া 6:30 মান বজাত নিন্দনীয় ঘটনাটো ঘটাৰ প্ৰায় এঘণ্টাৰ পিছতে আৰক্ষী অধীক্ষকে মোক জনাইছিল ৷ লগে লগে আমি ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰীক জনাইছিলো ৷ আৰক্ষী অধীক্ষক নিজেই ঘটনাস্থলীলৈ গৈ তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল ৷’’
জি পি সিঙে লগতে কয়, ‘‘ POCSO আৰু ধৰ্ষণৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ কালি গোটেই ৰাতি মই আৰক্ষী অধীক্ষকৰ লগত যোগাযোগ কৰি আছিলো ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মই ইয়ালৈ আহিছো ৷ এতিয়ালৈকে এজন অভিযুক্তক আৰক্ষীয়ে আনিছে, তেওঁৰ লগত যথেষ্ট প্ৰমাণ আছে ৷ অধিক তদন্ত আৰু সোধা-পোছা কৰিবলৈ কোৱা হৈছে ৷ টেকনিকেল ছাপ’ৰ্ট যিখিনি লাগে, সেয়া দিবলৈ কোৱা হৈছে ৷ কিছু সময়ৰ ভিতৰতে আমি মোবাইলৰ ডাটা পাই যাম ৷ তদন্ত সঠিক দিশত আগবাঢ়িছে ৷’’