জোনাই, ২৪ জুলাই: বানৰ পিচত এতিয়া গেলিবলৈ ধৰা পথাৰৰ শইচলৈ চাই কৃষকে কাঢ়িছে হুমুনিয়াহ । আহাৰমহীয়া প্ৰথমটো বানে ৰাজ্য়ৰ আন ঠাইৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলত সৃষ্টি কৰিলে তাণ্ডব । ফলত ধেমাজি জিলাৰ জোনাইৰ একাংশ কৃষক ৰাইজৰ দুখে কুলাই-পাচিয়ে নধৰা অৱস্থা হৈছে । সোনকালে পানী শুকালে পথাৰত হাল জুৰিব বুলি ভাবি থকোতেই পালেহি শাওণ । পিচে এতিয়া শাওণৰ পথাৰ সেউজীয়া কৰিবলৈ নাই কঠীয়া । বানে গৰকা পথাৰত কঠীয়া ৰুব পৰা নাই কৃষকে । কাৰণ পানীৰ তলত থকা কঠীয়াবোৰ এতিয়া প্ৰখৰ ৰ'দ ওলোৱাৰ লগে লগে নষ্ট হ'বলৈ ধৰিছে ।
জোনাইৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত শান্তিপুৰ গাঁৱৰ চহা খেতিয়ক ৰাইজৰ কৃষি পথাৰ আজিও ডুব গৈ থকাত হতাশাত ভাগি পৰিছে কৃষক । অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা খৰস্ৰোতা চিলে নদীৰ বাঢ়নী পানীয়ে এইদৰে বিঘাই বিঘাই ধাননি পথাৰ বুৰাই পেলোৱাত এফালৰ পৰা গেলি গৈছে সেউজীয়া শইচ ।
এনেদৰে বিঘাই বিঘাই এফালৰ পৰা গেলি যাবলৈ ধৰা সেউজীয়া কৃষি পথাৰবোৰৰ দৃশ্য দেখি মুখৰ মাত নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে এইসকল চহা কৃষকৰ । ৰোৱা ধানৰ সমান্তৰালকৈ কঠীয়াবোৰো বানত বুৰ গৈ গেলি যাবলৈ ধৰাত পথাৰ উদং হোৱাৰ আশংকা কৰিছে এইসকল কৃষক ৰাইজে ।