অসম

assam

এখন ভৰিৰে ৰিক্সা চলাই বাবলুৱে যোগাৰ কৰিছে ভোকৰ ভাতমুঠি - BABLU PAL CHOUDHURY

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 3:49 PM IST

Specially abled rickshaw driver : "জীৱনটো এক মহৎ উপহাৰ ৷ যিসকলে জীৱনক ভাল নাপায়, সেইসকল এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত"- ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণণে কোৱা এই কথাশাৰী প্ৰযোজ্য হৈছে ই-ৰিক্সা চালক বাবলু পাল চৌধুৰীৰ ক্ষেত্ৰত ৷ শাৰীৰিকভাৱে অক্ষম হোৱাৰ পিচতো জীৱন যুঁজত আগুৱাই গৈ থকা মহানগৰী গুৱাহাটীৰ বাবলুৰ কাহিনীৰে যুগুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন ৷

BABLU PAL CHOUDHURY
শাৰীৰিক প্ৰতিবন্ধকতা নেওচি জীৱন সংগ্ৰাম অব্যাহত গুৱাহাটীৰ বাবলুৰ (ETV Bharat Assam)

গুৱাহাটী, 6 আগষ্ট: শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে মহানগৰীৰ এজন লোকে ৷ এখন ভৰিৰে এটা পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব বহন কৰি আহিছে গুৱাহাটীমহানগৰীৰ বিৰুবাৰীৰ বাবলু পাল চৌধুৰীয়ে ৷ নিষ্ঠা, সততা আৰু একাগ্ৰতাকে সাৰথি কৰি এখন ভৰি নথকাৰ পাচতো হাৰ মনা নাই জীৱন যুঁজত ৷

এখন ভৰিৰে ৰিক্সা চলাই বাবলুৱে যোগাৰ কৰিছে ভোকৰ ভাতমুঠি (ETV Bharat Assam)

বিভিন্ন ঘাত-প্ৰতিঘাতক নেওচি তেওঁ সদায় পুৱাৰে পৰা নিশালৈ কেৱল কর্ম কৰি গৈছে একমাত্ৰ পৰিয়ালটোৰ বাবে ৷ বিৰুৱাৰীৰ এটা ভাৰাঘৰত বাস কৰা বাবলুৱে ফাৰ্ণিচাৰৰ বিপণিত কাম কৰি পত্নী, এজন চাৰিবছৰীয়া পুত্ৰ সন্তানসহ তিনিজনীয়া পৰিয়ালটোৰ ভৰণ-পোষণৰ দায়িত্ব বহন কৰি আহিছিল ৷

লগতে পঢ়ক :দুভৰি হেৰুৱায়ো জীৱন যুঁজত নাভাগৰা এগৰাকী অক্লান্ত সৈনিকৰ এক জীয়া কাহিনী - Success story of Gopal Nag

কিন্তু বিগত বৰ্ষত বাবলুৰ জীৱনলৈ নামি আহিল এক ডাঙৰ বিপর্যয় ৷ মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ ফলত তেওঁৰ বাঁওভৰিখনত ঘা লাগিবলৈ ধৰে ৷ প্ৰথমে তেওঁ সাধাৰণ বেমাৰ বুলি চলি থাকিল যদিও ক্ৰমান্বয়ে বেছি হ’বলৈ ধৰাত চিকিৎসকৰ কাষ চাপে ৷

চিকিৎসকে তেওঁক শীঘ্ৰেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়ে ৷ সেই মতে তেওঁ হাস্পতালত ভৰ্তি হয় যদিও ঘা হোৱা ভৰিখনত মধুমেহ ৰোগে ভয়ানক ৰূপ ধাৰণ কৰে ৷ ফলত বাঁওভৰিখন সম্পূর্ণৰূপে কাটি পেলাবলগীয়া হয় বাবলুৰ ৷

লগতে পঢ়ক :ভিক্ষা নালাগে ! শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি দীঘলী পুখুৰীৰ পাৰত জীৱন যুদ্ধ এজন কিশোৰৰ - Life struggle of a teenager

পৰৱৰ্তী সময়ত চিকিৎসকে সেই ভৰিখনৰ ঠাইত এখন কৃত্ৰিম ভৰি সংৰোপন কৰে ৷ পূৰ্বৰ কাম বাদ দি পৰিয়ালটোৰ স্বার্থতে তেওঁ ঋণত এখন ই-ৰিক্সা লৈ বিভিন্ন অসুবিধাৰ মাজেৰে সেই ৰিক্সাখনেৰে প্ৰায় ৬ মাহ পূৰ্বে নতুনকৈ জীৱন সংগ্ৰাম আৰম্ভ কৰিলে ৷

এনেদৰে বৰ্তমান তেওঁ বহু কষ্ট কৰি পুৱাৰ পৰা সন্ধিয়ালৈ ই-ৰিক্সা চলাই পোৱা ধনেৰে ৰিক্সাৰ ঋণৰ কিস্তি পৰিশোধ কৰাৰ লগতে পৰিয়ালটোৰ ভৰণ-পোষণৰ দায়িত্ব পালন কৰি আহিছে ৷ বাবলুৱে শাৰীৰিক প্ৰতিবন্ধকতা থকা ব্যক্তিসকলক হতাশ নহৈ নিজৰ সামৰ্থ অনুসৰি কাম কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :অভাৱৰ জোলোঙাটো পূৰাবলৈ শালিকী পুৱাতে ওলাই যায় এজন যুঁজাৰু - Specially abled rickshaw driver

ABOUT THE AUTHOR

...view details