অসম

assam

ETV Bharat / state

ৰাজ্যত ডেংগুৰ জটিল ৰূপ; গুৱাহাটীৰ পাঁচটা অঞ্চলক ৰেড জ’ন ঘোষণা...সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান কৰ্তৃপক্ষৰ - DENGUE OUTBREAK

Dengue Cases in Assam: পুনৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ ৷ এইবাৰ গুৱাহাটী মহানগৰীৰ লগতে ডিমা হাছাওত তাণ্ডৱ । সতৰ্ক হ'বলৈ আহ্বান ।

Dengue Cases in Assam
পুনৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 8:19 AM IST

গুৱাহাটী:কামৰূপ মহানগৰ, ডিমা হাছাও, কাৰ্বি আংলঙকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ডেংগুৱে জটিল ৰূপ ধাৰণ কৰিছে । এডিছ মহে কামোৰাৰ ফলত হোৱা এই জ্বৰত যোৱা ২৫ অক্টোবৰ পর্যন্ত অসমত ১৪৫১ গৰাকী লোক আক্রান্ত হোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্যত প্ৰকাশ ।

এই তথ্য মতে, ডিমা হাছাও জিলাত ৪৪১ গৰাকী, কামৰূপ মহানগৰ জিলাৰ ২২৫ গৰাকী, যোৰহাট জিলাত ৮৪ পশ্চিম কাৰ্বি আংলং জিলাত ৬৬ গৰাকী, নলবাৰীত ৪৫ গৰাকী, শোণিতপুৰ জিলাত ৪২ গৰাকী আক্রান্ত হৈছে । ৰাজ্যৰ তামুলপুৰ আৰু দক্ষিণ শালমাৰা জিলাৰ বহিৰে সকলো জিলাত এই ৰোগত আক্ৰান্ত হৈছে লোক । অৱশ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য মতে বৰ্তমানলৈকে এই ৰোগত কোনো লোকৰ মৃত্যু হোৱা নাই ।

গুৱাহাটী মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ ভাস্কৰ নগৰ, গীতানগৰ আদি অঞ্চলতেই ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি । স্বাস্থ্য বিভাগে এই ৰোগ নিয়ন্ত্ৰণলৈ অহা বুলি দাবী কৰিছে যদিও ৰাইজ কিন্তু আতংকিত হৈ আছে । বিশেষকৈ ৰাধাগোবিন্দ বৰুৱা পথ, ভাস্কৰ নগৰ, গীতানগৰ, ৰংমিলি পথ, মিলিজুলি পথ আদিৰ বাসিন্দাসকলে এতিয়াও আশ্বস্ত হ'ব পৰা নাই ।

ডেংগুৰ লক্ষণ

উল্লেখ্য যে ডেংগু ৰোগত অতিপাত জ্বৰ হয়, গাঁঠি-মাংসপেশী-মূৰৰ বিষ হয় । তদুপৰি শৰীৰত ৰঙা দাগ বা ঘামচিসদৃশ লক্ষণে দেখা দিব পাৰে । জটিল অৱস্থাত নাক, মুখ, দাঁতৰ আলুৰপৰা তেজ ওলায় । চিকিৎসকৰ মতে, অলাগতিয়াল বাচন-বৰ্তন, টায়াৰ, নাৰিকলৰ খোলা, খালী টাব আদিত জমা হোৱা পানীত এডিছ মহে কণী পাৰে । সেয়ে ঘৰৰ কোনো মুকলি পাত্ৰৰ পানী জমা হ'বলৈ নিদিবৰ বাবে আহ্বান জনোৱাৰ লগতে চিকিৎসকসকলে শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰা, শৰীৰ সম্পূৰ্ণ ঢাকি ৰখা কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিছে ।

গুৱাহাটীৰ পাঁচটা অঞ্চলক ৰেড জ’ন ঘোষণা:

গুৱাহাটী মহানগৰীত ডেংগুৰ প্ৰকোপ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ নিগমে আৰ জি বৰুৱা পথ, ভাস্কৰ নগৰ, কাৰ্বি পথ, অম্বিকাগিৰী নগৰ আৰু বামুণীমৈদাম ৰেলৱে ক'লনী- এই পাঁচটা অঞ্চল ‘ৰেডজ'ন' বুলি ঘোষণা কৰিছে । উল্লেখ্য যে কামৰূপ মহানগৰ জিলাত এতিয়ালৈকে প্রায় আঢ়ৈশ লোক ডেংগুত আক্ৰান্ত হৈছে । বিশেষকৈ গীতানগৰ, মঠঘৰীয়া, ভাস্কৰ নগৰ আৰু বামুণীমৈদামত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক বৃদ্ধি হৈছে ।

মহৰ নিয়ন্ত্ৰণৰ বাবে পৌৰ নিগমে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰিছে যদিও বিশেষ ফলপ্রসু হোৱা নাই । গুৱাহাটীবাসীক মহৰ কামোৰৰপৰা ৰক্ষা পাবলৈ সাৱধানতা অৱলম্বন কৰিবলৈ আঁঠুৱাৰ ব্যৱহাৰ আৰু অতিমাত্ৰা জ্বৰ বা প্ৰচণ্ড মূৰৰ বিষৰ দৰে লক্ষণে দেখা দিলে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ পৌৰ নিগমে আহ্বান জনাইছে । পাত্ৰত জমা কৰি ৰখা পানী আঁতৰোৱা, মহ খেদা ঔষধ ব্যৱহাৰ কৰা, চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন ৰাখা আৰু নলা-নৰ্দমাত পানী আবদ্ধ কৰি নাৰাখিবলৈ আহ্বান জনাইছে পৌৰ নিগমে ।

লগতে পঢ়ক:গুৱাহাটীত ডেংগুৰ আতংক, GMCH ত চিকিৎসাধীন ১১ গৰাকী - Dengue Outbreak

মহানগৰীত ডেংগুত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি - Dengue Outbreak

ABOUT THE AUTHOR

...view details