কলিয়াবৰ,১৫ মাৰ্চ:বানত ক্ষতিগ্ৰস্ত ঘৰখনৰ ফটো লৈ ক্ষতিপূৰণ বিচাৰিলে ভুক্তভোগী পৰিয়ালে । কলিয়াবৰত বান সাহায্য বিতৰণত বিসংগতিৰ অভিযোগ । চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভুক্তভোগী মহিলাৰ আবেদন । প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়ালক বঞ্চিত কৰাৰ অভিযোগ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিকাশ যাত্ৰাৰে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰিবলৈ কলিয়াবৰলৈ অহাৰ প্ৰাকক্ষণত কলিয়াবৰত ৰাইজৰ মাজত বিতৰণ কৰা হৈছিল ২০১৭ বৰ্ষৰ বান সাহায্য হিচাপে ১৯ কোটি টকা ।
পিছে চৰম বিসংগতিৰে প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত কৰি বান সাহায্য বিতৰণ হোৱাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰেও ৰাইজ ক্ষোভিত হৈ পৰে । ২০১৭ চনৰ ১২ আগষ্টৰ নিশা কলিয়াবৰত হোৱা প্ৰলয়ংকাৰী বানত ৰাইজৰ সা-সম্পত্তি বিস্তৰ ক্ষয়-ক্ষতি হৈছিল । ক্ষতিগ্ৰস্ত ৰাইজক বানৰ ক্ষতিপূৰণ দিবলৈ ৯ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত কৰি বৈষম্যমুলক তালিকা প্ৰস্তুত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ।
ইয়াৰ প্ৰভাৱ পৰৱৰ্তী সময়ত নিৰ্বাচনত পৰাৰ আশংকা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ দহ কোটি টকা বানাক্ৰান্ত ৰাইজক বানৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰত বিকাশ যাত্ৰাৰে কাৰ্যসূচী লৈ কলিয়াবৰলৈ অহাৰ প্ৰাকক্ষণত কলিয়াবৰত বানাক্ৰান্ত ৰাইজৰ মাজত বেংকৰ জৰিয়তে ক্ষতিপূৰণ বিতৰণ কৰে ।