মৰাণ,২৪ ছেপ্টেম্বৰ:চৰাইদেউৰ সোণাৰিত বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্ত লোৱাৰ ঘটনাত অভিযুক্ত দুজন লোক আজিও মুকলি আকাশৰ তলত । দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱা সোণাৰি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ । কিয়নো ২০ ছেপ্টেম্বৰৰ পৰা পলাতক হৈ থকা সোণাৰিৰ সাংবাদিক ৰফিক আহমেদ আৰু আৰ টি আই কৰ্মী দুলাল বৰাৰ শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে । ইয়াৰ মাজতে সোমবাৰে সন্ধিয়া দুগৰাকীকৈ মন্ত্ৰী বিজেপি নেতাজনৰ ঘৰত উপস্থিত হৈ সকলোকে গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছিল ।
কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহনে প্ৰয়াত দেৱজিৎ হাজৰিকাৰ গৃহত উপস্থিত হৈ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰাৰ আশ্বাস দিছিল । কিন্তু ইয়াৰ পাছতো চৰাইদেউৰ সোণাৰি আৰক্ষীয়ে দুই পলাতক অভিযুক্তক আটক কৰিবলৈ কোনো তৎপৰতাত নেদেখুৱাৰ অভিযোগ তুলি মঙলবাৰে সোণাৰিৰ টিয়কঘাটত সংবাদমেল সম্বোধন কৰে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে । বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা আৰ টি আই কৰ্মী দুলাল বৰা আৰু সাংবাদিক ৰফিক আহমেদক গ্ৰেপ্তাৰৰ দাবী জনাই সংবাদমেলৰ জড়িয়তে ।
ঘটনা সংঘটিত হোৱা কেইবাদিন পাৰ হ'ল যদিও সোণাৰিৰ সাংবাদিক ৰফিক আহমেদৰ বিৰুদ্ধে ৰাজ্যৰ আগশাৰীৰ টেলিভিচন চেনেলটোৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ দল-সংগঠনৰ লগতে ৰাইজৰ । পলাতক ৰফিক আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত চেনেলটো চৰাইদেউৰ সোণাৰিত বৰ্জন কৰা হ'ব বুলি সংবাদমেলত কোৱা হয় ।
লগতে দেৱজিৎ হাজৰিকাৰ পৰিয়ালক উচিত ন্যায় প্ৰদানৰ দাবী জনোৱাৰ লগতে পত্নীক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই ৰাইজে । আনহাতে বিজেপি চৰকাৰৰ দিনতে বিজেপি কৰ্মীক সুৰক্ষা দিব নোৱৰাত বিজেপি কৰ্মীৰ মনোবল হ্ৰাস পাইছে বুলি সংবাদমেলত উল্লেখ কৰে জ্যেষ্ঠ বিজেপি নেতা কাজল দে'ই । এই ঘটনাৰ পাছতে দলৰ হৈ কাম কৰিবলৈ সাহস হেৰুৱাইছে দলীয় কৰ্মীসকলে । সেয়ে এই ঘটনাৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ দাবী জনায় ।